ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লীৰ চৰকাৰী বাসভৱনত প্রায় আধা ঘণ্টা সময় বৈঠকত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি প্রসংগ উত্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই। দেওবাৰে নিশা কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ নতুন দিল্লীৰ চৰকাৰী বাসভৱনত প্রায় আধা ঘণ্টা সময় বৈঠকত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি প্রসংগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি কয় যে, অসমৰ বিকাশৰ গতি শক্তিশালী কৰাৰ বাবে শ্রীশ্বাহে নির্দেশনা আৰু নিৰলস চেষ্টা চলাই আহিছে। ইপিনে মুখ্যমন্ত্রী ড০ শর্মাই কালি নতুন দিল্লীত ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱৰ সৈতে ৰাজ্যখনত ৰে'ল সেবা সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয় সন্দর্ভত আলোচনা কৰে। 

মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ যাতায়াত ব্যবস্থা অধিক সুশৃংখলিত কৰাৰ বাবে ৰে'ল সেৱাৰ বিভিন্ন দিশত নতুনত্বৰ পোষকতা কৰে। এই বৈঠকত অসমলৈ চলাচল কৰা তিনিখন নতুন অমৃত ভাৰত ৰে'লৰ যাত্রা সম্পর্কে আলোচনা কৰা হয়। তদুপৰি কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাইগুফুলনেছ চিটালৈ নতুন ৰেল পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰা সন্দর্ভতো বিতংভাৱে আলোচনা কৰা হয়।

অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰেলসমূহৰ ষ্ট'পেজৰ সংখ্যা বৃদ্ধি কৰিবলৈও মুখ্যমন্ত্রীয়ে ৰেল মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ৰে'ল মন্ত্ৰীগৰাকীয়ে এই বিষযসমূহ বিবেচনা কৰিব বুলি প্রতিশ্রুতি দিয়াৰ বিষয়ে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰিছে। 

গৃহমন্ত্ৰী অমিত শ্বাহ অমিত শ্বাহ