এডভান্টেজ অসম সন্মিলনলৈ জ্যোতিৰাদিত্য সিন্ধিয়াক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

এডভান্টেজ অসম সন্মিলনত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীক আমন্ত্ৰণ জনাই হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যত চলি থকা উন্নয়ন প্ৰকল্পৰ বিষয়েও আলোচনা কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নতুন দিল্লীঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম.চিন্দিয়াক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে।
প্ৰায় ৩০ মিনিট ধৰি চলা কথোপকথনত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক অহা বছৰৰ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ অসম সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়।

Advertisment

সমগ্ৰ উত্তৰ-পূব অঞ্চলক অন্য এক মাত্ৰা প্ৰদান কৰিব পৰা দিল্লীত অনুষ্ঠিত আগন্তুক অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে। লগতে আগন্তুক অনুষ্ঠান আৰু অসমত চলি থকা উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজ এক্স হেণ্ডেলৰ জৰিয়তে লিখিছে যে, "আজি পুৱা মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জীক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া #AdvantageAssam সন্মিলনলৈ আমন্ত্ৰণ জনাবলৈ পাই সুখী হৈছো।" লগতে ড'নাৰ মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত আগন্তুক অষ্টলক্ষ্মী মহোৎসৱ আৰু ৰাজ্যখনত চলি থকা উন্নয়ন প্ৰকল্পৰ বিষয়েও আমি আলোচনা কৰিলোঁ।"

এডভান্টেজ অসম সন্মিলন