/asomiyapratidin/media/media_files/2025/09/03/ujjjd-2025-09-03-14-01-08.jpg)
ডিজিটেল ডেস্কঃ ঘৰখন সদায় মহিলাৰ মতে চলিব লাগে। মহিলাৰ কথামতে ঘৰ চলিতে সুচাৰুৰূপে সকলো চলি থাকে। আমাৰ ঘৰখনো তেনেকৈয়ে চলে- জালুকবাৰীৰ এক অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজাৰাৰ কাঁহিকুছিৰ শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাত জালুকবাৰী সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ সভাত কয় যে, ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান৷ আজি আজাৰাৰ কাঁহিকুছিৰ শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাত এই অভিযানৰ অধীনত জালুকবাৰী সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰোঁ৷
তেওঁ লগতে কয়, নিজা সমষ্টি জালুকবাৰীৰ এটা অংশৰ প্ৰায় ৬,০০০গৰাকী আত্মসহায়ক গোটৰ সদস্যাক এই অনুষ্ঠানৰ মাধ্যমেৰে আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰি আনন্দিত হৈছোঁ। এই প্ৰক্ৰিয়াই এতিয়া তৃণমূল পৰ্যায়ত মহিলাসকলক সবলীকণৰ বাটেৰে আগুৱাই নিব আৰু আমাৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব।
উল্লেখ্য যে, যোৱা কিছু দিনত প্ৰায় ২ লাখ মহিলাক এই পুঁজি বিতৰণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ ৩৫ লাখ মহিলা উদ্যোগীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত পুঁজি বিতৰণ কৰাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।