New Update
/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-20-11-52.jpeg)
- জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ সন্দৰ্ভত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ মন্তব্য।
- সোমবাৰেও ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰখা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।
- ২৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব শেষকৃত্যৰ অনুষ্ঠান।
- ২৩ তাৰিখলৈ বৃদ্ধি ৰাজ্যিক শোক।
- সেয়ে ২৩ তাৰিখৰ সকলো চৰকাৰী কাৰ্যসূচীৰে পূৰ্বৰ সূচী সলনি।
- শেষকৃত্যৰ বাবে ৰাজ্য চৰকাৰে দুটা স্থান নিৰ্ধাৰণ কৰিছিল।
- জ্যোতি, বিষ্ণু তেজপুৰত ভূপেন হাজৰিকা গুৱাহাটীত থকাৰ বাবে যোৰহাটত জুবিনৰ সমাধি স্থাপনৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল চৰকাৰে।
- অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ লগত এই বিষয়ে আলোচনা কৰিছিল চৰকাৰে।
- অসম সাহিত্য সভাই এই সিদ্ধান্তলৈ জনাইছিল সমৰ্থন।
- সদৌ অসম ছাত্ৰ সন্থাই জুবিনৰ পৰিয়ালৰ সৈতে এই বিষয়ত আলোচনা কৰিছিল।
- পৰিয়ালে যোৰহাটৰ পৰিবৰ্তে গুৱাহাটীৰ কাষতে জুবিনৰ সমাধি হোৱাটো বিচাৰিছিল।
- পিতৃৰ অসুস্থতাৰ বাবে যোৰহাটলৈ যোৱাত অসুবিধা হোৱাত যোৰহাটলৈ যাব নোৱাৰাৰ কথা প্ৰকাশ পৰিয়ালৰ।
- অসম চৰকাৰেও আজি এই বিষয়ে পৰিয়ালৰ সৈতে আলোচনা কৰে।
- পৰিয়ালে আজি ৰাজ্য চৰকাৰকো গুৱাহাটীৰ আশাপাশে জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনায়।
- খানাপাৰাৰ পৰা ৭ কিলোমিটাৰ আঁতৰৰ ডিচাং ৰিজ’ৰ্টৰ কাষত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অসম চৰকাৰে ১০ বিঘা মাটিৰ সন্ধান লাভ কৰে।
- এই ভূমিত এখন সৰু নাৰ্চাৰী আৰু এখন শ্মশানো আছে।
- স্থানীয় ৰাইজে স্ব-ইচ্ছাৰেই সেই ভূমি এৰি দিছে।
- অম্বৰিশ হোটেলৰ স্বত্বাধিকাৰী পুষ্পেন্দু বৰায়ো এডুখৰ মাটি জুবিনৰ সমাধিৰ বাবে এৰি দিব।
- ড০ ভূপেন হাজৰিকাৰ সমাধি ৫.৫ বিঘা মাটিত নিৰ্মাণ কৰা হৈছিল।
- যোৰহাটৰ পৰাও জুবিন গাৰ্গৰ সমাধিৰ যথেষ্ট দাবী আহি থকাৰ বাবে আজি পুনৰ এবাৰ মন্ত্ৰী ৰণোজ পেগু, বিমল বৰা, কেশৱ মহন্তই পৰিয়ালক আকৌ এবাৰ সাক্ষাত কৰে।
- পৰিয়ালে জুবিনে অধিক সময় গুৱাহাটীতে কটোৱাৰ লগতে গুৱাহাটীতে তেওঁৰ ঘৰ থকাৰ বাবে আৰু দেউতাকৰ অসুস্থতাৰ কথা অৱগত কৰি সোণাপুৰৰ ডিচাং ৰিজ’ৰ্টৰ কাষৰ ভূমিতে অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ আহ্বান জনাইছে।
- জুবিন গাৰ্গ চৰকাৰী ব্যক্তি নহয়, চৰকাৰী মন্ত্ৰী, বিষয়া নহয়।
- জুবিন আৰু জুবিনৰ পাৰ্থিৱ শৰীৰ সন্দৰ্ভত পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব।
- চৰকাৰে পৰামৰ্শহে দিব পাৰিব, সিদ্ধান্ত পৰিয়ালে গ্ৰহণ কৰিব।
- জুবিন গাৰ্গক সন্মান জনাই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ স্থানতে নিৰ্মাণ কৰিব সমাধিক্ষেত্ৰ।
- জুবিনৰ ভস্ম কঢ়িয়াই নিয়া হ’ব যোৰহাটলৈ, যোৰহাটতো নিৰ্মাণ কৰা হ’ব আন এটা সমাধি।
- যোৰহাটৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই চৰকাৰৰ এই সিদ্ধান্ত।
- যোৰহাটলৈ জুবিনৰ পাৰ্থিব শৰীৰ নিয়াৰ ক্ষেত্ৰত আছে বহু বাধা।
- ইতিমধ্যে জুবিনৰ পাৰ্থিৱ শৰীৰ যোৰহাটলৈ নিব পৰা অৱস্থাত নাই।
- যোৰহাটৰ ৰাইজক আৱেগক সন্মান জনায়ো জুবিনৰ পাৰ্থিব শৰীৰ যোৰহাটলৈ নিব নোৱাৰাৰ বাবে যোৰহাটবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে।
- ২৩ ছেপ্তেম্বৰৰ পুৱা ৮ বজাত জুবিনৰ পাৰ্থিব শৰীৰ লৈ যোৱা হ’ব অন্ত্যেষ্টিক্ৰিয়াৰ স্থানলৈ।
- ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এই স্থান হোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ২৩ তাৰিখৰ দিনৰ ২ বজালৈকে চলিবলৈ নিদিয়ে ট্ৰাক।
- শেষকৃত্য অনুষ্ঠানলৈ পৰিয়ালৰ সদস্য, একান্ত ঘনিষ্ঠ, সাংবাদিক আদিক হে যাবলৈ আহ্বান।
- বাকী ৰাইজক সমাধি ক্ষেত্ৰলৈ পৰবৰ্তী সময়ত যাবলৈ আহ্বান।
- ভোগেশ্বৰ বৰুৱা কম্প্লেক্সত মন্ত্ৰী, বিধায়কৰ ভি আই পি সংস্কৃতিক সমালোচনা মুখ্যমন্ত্ৰীৰ।
- সকলোকে দীঘলীয়া শাৰীত থিয় হৈ জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান।
- ছিংগাপুৰ হাই কমিছনে প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্টিফিকেট।
- মৃত্যুৰ চাৰ্টিফিকেটত জুবিনৰ মৃত্যুৰ কাৰণ ডুব যোৱা বুলি উল্লেখ আছে।
- মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে ছিংগাপুৰৰ কৰ্তৃপক্ষৰ সৈতে মুখ্য সচিবৰ যোগাযোগ অব্যাহত।