New Update
/asomiyapratidin/media/media_files/2025/06/23/himanta-23-2025-06-23-16-11-45.jpg)
ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে বিৱৰি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ মূল ঘোষণাসমূহ এনেধৰণৰঃ-
- ২৫ নবেম্বৰৰ পৰা বিধানসভাৰ অধিবেশন
- অধিবেশনত উত্থাপন হ’বলগীয়া বিধেয়কক লৈ আলোচনা কেবিনেটত
- শিক্ষকৰ বদলিৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ
- শিক্ষয়িত্রীসকলে ১০ বছৰৰ পৰিৱৰ্তে ৫ বছৰত বদলিৰ আবেদন কৰিব পাৰিব
- শিক্ষকসকলে ১০ বছৰৰ পৰিৱৰ্তে ৭ বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব
- জনজাতি, চাহ জনজাতি, মৰাণ আৰু মটকৰ ক্ষেত্রত বিশেষ সিদ্ধান্ত
- জনসংখ্যা নীতিৰ আওতাৰ পৰা এই সকল লোকক বাহিৰত ৰখা হ’ব
- চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিয়াক লৈ আলোচনা
- ২.৯০ লাখ বিঘা ভূমি চাহ জনজাতি লোকক বিতৰণ কৰিব পৰা যাব
- ৪ লাখ পৰিয়ালে এই ভূমি পাবলৈ সক্ষম হ’ব
- কেবিনেটে এই প্রস্তাৱক সমৰ্থন দিয়ে
- ২৫ অক্টোবৰত জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ সৈতে বৈঠক হ’ব
- বৈঠকত সিদ্ধান্ত লোৱা হ’ব একোটা পৰিয়ালক কিমান ভূমি দিয়া হ’ব
- ইয়াৰ বাবে ২-৩ নৱেম্বৰত চাহ জনগোষ্ঠীয় সংগঠনৰে আলোচনা হ’ব
- নেলী নৰসংহাৰৰ তিৱাৰী কমিছনৰ প্রতিবেদন বিধানসভাত দাখিল কৰা হ’ব
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us