/asomiyapratidin/media/media_files/2025/09/15/new-ap-web-1-2025-09-15-20-09-34.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ "হাগ্ৰামা মহিলাৰী জিকিলেও মোকে সুধিব, প্ৰমোদ বড়ো জিকিলেও মোকেই সুধিব, গাড়ীখনত তেল ময়েই ভৰাব লাগিব, তেল ভৰোৱাতকৈ যদি বিজেপিয়ে ড্ৰাইভাৰ হৈ যায়, তেন্তে সকলোকে লগত লৈ আগুৱাই যাব পাৰিম।" এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰে কোকৰাঝাৰ জিলাৰ আফলাগাঁও পথাৰত বনৰগাঁও আৰু দোতমা সমষ্টিৰ বিজেপিৰ দুই প্ৰাৰ্থী ক্ৰমে ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু মনোৰঞ্জন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে গাড়ী-তেলৰ উদাহৰণ দি কয় যে, এইবাৰৰ বিটিচি নিৰ্বাচনত বিজেপি দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হ'ব আৰু যাত্ৰী হিচাপে হাগ্ৰামা, প্ৰমোদ, অঞ্জলীক লগত লৈ আগুৱাই যাব। চালক আৰু তেল নৰেন্দ্ৰ মোডীৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, তেওঁলোকৰ কাৰো সতে কাজিয়া-পেচাল নাই, সকলোকে লগত লৈ আগবাঢ়ি যাব আৰু বড়োলেণ্ডৰ উন্নয়নে হ'ব তেওঁলোকৰ মূল লক্ষ্য।
উল্লেখ্য যে, আফলাগাঁও খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী সভাখনত প্ৰতিকুল বতৰকো নেওচি কেবা সহস্ৰাধিক লোক গোট খায়। বোকা-পানী গচকি সভাত মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈকে সহস্ৰাধিক লোকে উৎসুকতাৰে ৰৈ থাকে আৰু মুখ্যমন্ত্ৰী আহি পোৱাৰ লগে লগেই "ভাৰত মাতা কি জয়" জিন্দাবাদ ধ্বনিত সভাথলী কঁপি উঠে। মুখ্যমন্ত্ৰীয়ে চিৰাচৰিত পদ্ধতিৰে ভাষণ আৰম্ভ কৰে আৰু ভাষণত প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়।
বনৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু দোতমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত বনৰগাঁও সমষ্টিত এখন নাৰ্ছিং কলেজ নিৰ্মান কৰা, সেৰফাংগুৰীত বীৰ চিলাৰায় প্ৰতিমুৰ্তি নিৰ্মাণ কৰা, গংগীয়া নদীৰ খহনীয়া ৰোধ কৰা, আফলাগাঁও হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধীথলী ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰা, সৰলভাঙা নৈত গৰাখহনীয়া ৰোধ কৰা, জাষ্টিন লাক্ৰাৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰা, হেকাইপাৰাত ফুটব্ৰীজ নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু কামবোৰ হৈ গল ধৰক বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
তদুপৰি বিজেপিৰ চৰকাৰ গঠন হলে চৰকাৰি আঁচনিসমুহ ৰূপায়নত কোনো ধৰণৰ দূৰ্নীতি নহয় বুলি স্পষ্ট কৰি দি ভিচিডিচিত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা , অৰণোদয় আঁচনি, মহিলা উদ্যমিতা, আত্মসহায়ক গোটলৈ ১০ হেজাৰ টকাকৈ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ দূৰ্নীতি নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। অহা নৱেম্বৰৰ পৰাই আত্মসহায়ক গোটবোৰক ১০ হেজাৰকৈ টকা দিয়া হ'ব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, অহা অক্টোবৰত অসম আৰক্ষীৰ নিযুক্তি আৰু নৱেম্বৰত পুনৰাই অসম আৰক্ষীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম চৰকাৰৰ চাকৰিত কোনো ধৰণৰ দূৰ্নীতি হোৱা নাই আৰু সেই চিষ্টেম বিটিচিতো হ'ব লাগে। ইফালে, নিৰ্বাচনী সভাত বিভিন্ন জনকল্যানমুলক আঁচনিসমুহৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনি গেছৰ সতে সংযোগ কৰিলে অতিৰিক্তভাৱে ২৫০ টকাকৈ জানুৱাৰীৰ পৰা দিয়া হ'ব বুলি সদৰি কৰিছে। বনৰগাঁও সমষ্টিত ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু দোতমা সমষ্টিত মনোৰঞ্জন ব্ৰহ্মক জিকাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই যিজনে অধিক সংখ্যক ভোটত জিকিব তেওঁকেই কাৰ্যবাহী সদস্যৰ পদ দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সভাৰ অন্তত অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০২০ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি দলে ৯ খন আসন পাইছিল যদিও এইবেলি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি দুইকাষে হাগ্ৰামা -প্ৰমোদক লৈ উন্নয়নৰ দিশে আগবাঢ়ি যাব । ২০০২ চনৰে পৰা বিটিচিৰ সতে লাগি আছো আৰু ইয়াৰ মেডিকেল কলেজ, বিশ্ববিদ্যালয়, ৰাস্তা-ঘাটৰ উন্নয়নত এক শতাংশ হলেও মোৰ অৰিহণা আছে আৰু সেয়ে বিটিচিৰ প্ৰতি মোৰ শ্ৰদ্ধা-মৰম আছে বুলি সদৰি কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিটিচিক লৈ ডাঙৰ পৰিকল্পনা আছে আৰু তাৰ বাবে সময়ো আছে।
আনহাতে, সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিটিচি লেতেৰা হৈ থকা নাই আৰু বিশ্বজিৎ দৈমাৰী বড়ো মানুহ হৈ এনেদৰে কব পাৰে কিন্তু মই মুখ্যমন্ত্ৰী হিচাপে তেনেকৈ কোৱাটো উচিত নহ'ব বুলি মন্তব্য কৰি নিৰ্বাচন হ'ল এক উৎসৱ আৰু সকলোৱে ইয়াত হাঁহি -ফূৰ্তি কৰি অংশ লব লাগে। বড়োলেণ্ডত নিৰ্বাচন উৎসৱত পৰিণত হৈছে আৰু এয়া শুভ লক্ষণ বুলি মন্তব্য কৰি সকলোৰে উদ্দেশ্য উন্নয়ন হ'ব লাগে বুলি মতপোষণ কৰিছে মুখ্যমন্ত্ৰীয়ে।
ইফালে, কোচ ৰাজবংশীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, জনজাতিকৰণৰ প্ৰক্ৰিয়া ধনাত্মকভাৱে বহুখিনি আগবাঢ়ি গল আৰু অহা নৱেম্বৰত আমি ৰিপৰ্ট দিম। তেওঁ লগতে কয়- গণ্ডোগোলে প্ৰক্ৰিয়াটোক দেৰি কৰে ,অহা নৱেম্বৰত আমি ৰিপৰ্ট দিম। ৰিপৰ্টত বেয়া দেখিলে আন্দোলন কৰক। আন্দোলনে কামবোৰ পিছুৱাই নিয়ে। কোচ ৰাজবংশীক কি ৰিপৰ্ট দিম সেয়া অনানুষ্ঠানিকভাৱে আমি কৈছোৱেই। সেয়া নিশ্চিতভাৱে পজিটিভ হ'ব। কোনোবাই বিজেপিক ঠেলি দিলে বিজেপিৰো ক্ষতি হ'ব, অসমৰো ক্ষতি হ'ব।
বিটিচিত এইবাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে নেকি বুলি সোধা আন এক প্ৰশ্নোত্তোৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে সেয়া হ'ব পাৰে , হোৱাটোৱেই কামনা কৰো আৰু সকলোৱে মিলি সকলোকে লগত লৈ যাতে উন্নয়নৰ পিনে ধাৱমান হ'ব পাৰো।
আনহাতে, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পুনৰাই সৰৱ হৈ পৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় - পাকিস্তান এবাৰ গল, দুৱাৰ গল, যোৱা বুলিতো স্বীকাৰ কৰিছে। পাকিস্তানত যদি এজন মানুহ যায়, তাত তেওঁ কেইদিন আছিল , কাৰ ঘৰত আছিল , কাৰ লগত ফটো উঠিলে গোটেই কথাখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নাই ? মই যদি পাকিস্থানত কেইদিনৰ মানৰ বাবে যাওঁ কত গলো, কি কৰিলো , আইএছ আইৰ লগত বহিলো নে আৰ্মীৰ লগত বহিলো সেয়া জনাব লাগিব অন্যথা সিহঁতৰ মতে চলিব লাগিব, ব্লেক মেইলিং কৰিব ।
একেদৰে, বিয়া হোৱাৰ লগত পাকিস্থানৰ কি সম্পৰ্ক বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় _ মানুহে বিয়া হলে চুইজাৰলেণ্ড যায় , কাশ্মীৰ যায়, ইংলেণ্ড যায়, আমেৰিকা যায় কিন্তু পাকিস্তানত যোৱা শুনিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। তদুপৰি কংগ্ৰেছ এইবাৰ বিটিচিত শুন্য হ'ব বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, সোমবাৰে আফলাগাঁৱত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মন্ত্ৰী অশোক সিংঘাল, দোতমা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম, বনৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজীৱ কুমাৰ ব্ৰহ্ম আদিকে ধৰি বিজেপিৰ কেবাগৰাকী নেতা উপস্থিত আছিল ।