গৌৰৱ গগৈয়ে লণ্ডনৰ নহয়, পাকিস্তানৰ ষ্টাইলত কথা কয়ঃ মুখ্যমন্ত্ৰী

বাক্সা জিলাৰ অন্তৰ্গত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চলায় নিৰ্বাচনী প্ৰচাৰ।

author-image
Asomiya Pratidin
New Update
zxzxzxzxsdws

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ অন্তৰ্গত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চলায় নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ সভাখনত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে ।বহু সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰীয়ে এইবাৰ বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে। 

এই সভাত গৌৰৱ গগৈয়ে লণ্ডনৰ নহয় পাকিস্তানৰ ষ্টাইলত কথা কয় বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে, অখিল গগৈ, লুৰিণজ্যোতি গগৈ সকলোকে বিটিআৰত আহি প্ৰচাৰ চলাবলৈ কয় মুখ্যমন্ত্ৰীয়ে ।

ইফালে নূপুৰ বৰাৰ প্ৰসংগ টানি চৰকাৰী বিষয়াসকলক দুৰ্নীতিত লিপ্ত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বিটিআৰৰ ভূমি সমস্যাক নিৰ্বাচনী ইস্তাহাৰত প্ৰথমতে ৰখা বুলিও সভাত উল্লেখ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

একেদৰে এই সভাত কংগ্ৰেছ দলকো মুখ্যমন্ত্ৰীয়ে কৰে তীব্ৰ সমালোচনা। কংগ্ৰেছে মুছলমান সম্প্ৰদায়ৰ ভোটহে লাভ কৰিব উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে, বিটিআৰৰ সকলো সমস্যা অসম চৰকাৰে সমাধান কৰিবলগীয়া হ'লে বিটিআৰলৈ অহা চৈধ্যশ পোন্ধৰশ কোটি টকা ক'লৈ যায় বুলি প্ৰশ্ন তোলে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা