শিক্ষক পদ প্ৰাদেশিকীকৰণৰ প'ৰ্টেল মুকলি

শিক্ষক পদ প্ৰাদেশিকীকৰণৰ প'ৰ্টেল মুকলি। অসম চৰকাৰৰ বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ উদ্যোগত এই প'র্টেল মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-18 at 1.40.40 PM

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ। ২০০৬ চনৰ আগত স্থাপন হোৱা স্কুল-কলেজসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰাৰ লগতে ২০০৬ৰ পাছত স্থাপন হোৱা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে বাজেটত লৈছে বিশেষ ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে এটা প’ৰ্টেল মুকলি কৰে। 

WhatsApp Image 2026-02-18 at 1.37.35 PM

Assam Education (Provincialisation of Services of Teachers and Re-Organisation of Educational Institutions) Act, 2017ৰ বাবে মুকলি কৰা এই প’ৰ্টেলত অপ্ৰাদেশিকীকৃত শিক্ষা প্ৰতিষ্ঠানসমূহে আবেদন কৰিব পাৰিব। আবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনসমূহ বিদ্যালয়-মহাবিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰিব পাৰি,কোনসমূহক নোৱাৰি তাৰ বিশ্লেষণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব।উল্লেখ্য যে,এই  প’ৰ্টেল মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। 

মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে যে- বিগত বৰ্ষত বিধানসভাত ৰাজ্য চৰকাৰে  Assam Education (Provincialisation of Services of Teachers and Re-Organisation of Educational Institutions) Act, 2017 বিধেয়কখন গৃহীত কৰিছিল। অসমৰ ৰাজ্যপালৰ অনুমোদনৰ পাছত ২০২৫ বৰ্ষৰ ৩০ ডিচেম্বৰত চৰকাৰী গেজেটত নটিফাই কৰিছিল। প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এয়া আমাৰ তৃতীয় পদক্ষেপ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ২০১১ চনত অসমত ভেঞ্চাৰ স্কুল আৰু কলেজসমূহক প্ৰাদেশিকীকৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল। তাৰ আলম লৈ আমি প্ৰাথমিক বিদ্যালয় ২১,৯৫৭ গৰাকী, মাধ্যমিকত ১৪,০৩৪ গৰাকী আৰু মহাবিদ্যালয়ত ৩,১৮০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিছিলো। ২০১৭ চনৰ আইনৰ সুবিধা লৈ আমি প্ৰাথমিক বিদ্যালয়ত ৯,৮৯৫, মাধ্যমিকত ৫,২৪৫, কলেজত ১,৭৪৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিছিলো। ২০১১ চনৰ পিছত ৫৭,০৫৭ গৰাকী শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ সক্ষম হৈছিলো। এইবাৰ এই আইনৰ তৃতীয় সংস্কৰণ লৈ আহিছো, যাক ২০২৫ চনৰ সংশোধনী আইন বুলি অভিহিত কৰিছো।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা