/asomiyapratidin/media/media_files/2026/01/26/new-ap-web-n-2026-01-26-12-32-29.jpeg)
ডিজিটেল ডেস্কঃ আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। দেশজুৰি উদযাপন কৰা হৈছে এই গণৰাজ্য দিৱস। মহানগৰীৰ খানাপাৰাত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই উৰুৱালে গণৰাজ্য দিৱসৰ পতাকা। ডিব্ৰুগড়ত খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ জাতীয় পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পতাকা উন্মোচনৰ পাছতে মুখ্যমন্ত্ৰীগৰীয়ে উদাত্ত ভাষণ প্ৰদান কৰে। পদ্মশ্ৰী লাভ কৰা ৫ অসমীয়ালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে। গণৰাজ্যৰ দিৱসৰ দিনাই জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-2026-2026-01-26-12-32-53.jpeg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি কেইবাটাও মন্তব্য আগবঢ়াই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- আৰম্ভণিৰ পৰা সংবিধানৰ আত্মাক কংগ্ৰেছৰ আঘাতৰ চেষ্টা কৰি আহিছে। প্ৰথম পৰ্যায়ত বি আৰ আম্বেদকাৰে সংবিধান সভাত স্থান পোৱা নাছিল। জৱাহৰলাল নেহৰুৱে ইয়াৰ বিৰোধিতা কৰিছিল। মহাত্মা গান্ধীৰ চেষ্টাত বি আৰ আম্বেদকাৰে পাইছিল সংবিধান প্ৰণয়নৰ দায়িত্ব লাভ কৰিছিল। আধুনিক ভাৰতৰ অনিৰূদ্ধ যাত্ৰা আমাৰ দেশত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে দায়িত্ব লোৱাৰ পৰা এয়া সম্ভৱ হৈছে। বিগত পাঁচ বছৰৰ সাফল্যক প্ৰতিফলিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমে উন্নয়নৰ নতুন মাইলৰ খুঁটিত উপনীত হৈছে। বিহু, ঝুমোইৰ আৰু বাগুৰুম্বাই বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। আনহাতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে, বহু বিবাহৰ ৰোধৰ বাবে ঐতিহাসিক আইন গৃহীত কৰিছো। এজনে লোকে দুবাৰ-তিনিবাৰকৈ বিয়া পতাটো বন্ধ হ’ব। প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি অসমবাসীৰ সপোন পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পালে, হোলোঙাপাৰত লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি স্থাপন হ'ল। ৩০ জানুৱাৰীত ডিব্ৰুগড় বিধানসভা চৌহদৰ আদাৰশিলা স্থাপন হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিব আধাৰশিলা। ৩০০ কোটি টকাৰ ব্যয়েৰে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব বিধানসভা চৌহদ। অনাগত ৩ বছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বিধানসভা চৌহদৰ। ডিব্ৰুগড়ত স্থাপন হ'ব উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- এই পৰ্যন্ত ১.৫৬ লাখ যুৱক-যুৱতীক চাকৰিৰ ব্যৱস্থা কৰা হৈছে৷ লগতে বড়ো চুক্তি আৰু কাৰ্বি শান্তি চুক্তিক ৰাজ্যখনলৈ স্থায়ী শান্তি অনাৰ বাবে কৃতিত্ব দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই আৰু ঘোষণা কৰে যে, অসম চৰকাৰী চিকিৎসালয়ত প্ৰ'টন থেৰাপীৰ সুবিধা প্ৰদান কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব। এয়া স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us