/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-12-50-00.jpg)
ডিজিটেল ডেস্কঃ কলিয়াবাৰত প্ৰধানমন্ত্ৰীৰ সৈতে বিশাল জনসভাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, পবিত্ৰ মাৰ্ঘেৰিটাসহ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী। কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে বহু কেইটা মন্তব্য কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে- মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- আধুনিক অসম নিৰ্মাণৰ দিশত মাইলৰ খুঁটিত উপনীত হৈছে আমাৰ ৰাজ্যখন। কাজিৰঙাৰ বন্যপ্ৰাণী ৰক্ষাৰ বাবে ৭ হাজাৰ কোটি টকা উপহাৰ দিছে প্রধান মোডীয়ে। ৩৪ কিঃমিঃ দীঘল এলিভেটেড কৰিড’ৰ অসমবাসীক উপহাৰ দিয়া বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এলিভেটেড ক’ৰিডৰে যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব ১ঘণ্টা কম কৰিব।
কাজিৰঙাৰ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- এতিয়া কাজিৰঙাত কোনেও বেদখল কৰিব নোৱাৰে। কাজিৰঙাত এতিয়া কোনেও গঁড় হত্যা কৰিব নোৱাৰে। আজি আমি অটল, অবিচল, আত্মবিশ্বাসী জাতিত পৰিণত হৈছোঁ। আমাক কোনোৱে ৰঙাচকু দেখুৱালে মৰণপণ যুঁজলৈ সাজু। অসমীয়া লোকক ৰঙাচকু দেখুওৱাসকলক উচ্ছেদ কৰিছোঁ। ইপিনে এলিভেটেড কৰিড’ৰৰ বিৰোধিতা কৰা গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,গৌৰৱ গগৈয়ে বিৰোধিতা কৰি থাকক। অসমে আকাশ চুৱাৰ সপোন দেখিছে। অসমক দেশৰ এখন শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিম। পাকিস্তানী এজেণ্টৰ ওচৰত আমি শিৰনত নকৰোঁ। অসমত দুটা দিনত ৩খনকৈ ৰে'ল উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে। অসমৰ ৰে'ল যোগাযোগৰ এনে উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-12-51-56.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us