/asomiyapratidin/media/media_files/2025/10/31/1-2025-10-31-16-34-28.jpg)
ডিজিটেল সংবাদ,লখিমপুৰঃ আজি লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত মুখ্যমন্ত্রীয়ে জনসাধাৰণক উদ্দেশি ভাষণ দিয়ে।
তেওঁ এই সভাতে ২৮৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ২০৫ খন বিছনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেছিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজ নির্মাণৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই ইয়াৰ পূর্বে ৩০ খন আসনযুক্ত লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰে।
ভাষণ প্রসঙ্গত তেওঁ কৰ্কট ৰোগৰ চিকিৎসাত চিকিৎসকসকলতকৈও নাৰ্চসকলৰ অৱদান অধিক বুলি উল্লেখ কৰে। নার্চিং কলেজৰ সন্দৰ্ভত তেওঁ কয় যে এই মহাবিদ্যালয়খনত বি এছ চি নাচিঙৰ উপৰি এম এছ চি নাচিঙৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্রস্তুতি আৰম্ভ হৈছে বুলিও তেওঁ মন্তব্য কৰে।
ৰাজ্যত অহা চাৰি-পাঁচ বছৰৰ ভিতৰত ৩০খন চিকিৎসা মহাবিদ্যালয় নির্মাণ কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে। প্রতি বছৰে দুখনকৈ মেডিকেল কলেজ স্বাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰতি বছৰে ৰাজ্য চৰকাৰে ৰাজ্যত প্রায় দুহেজাৰ গৰাকী নাৰ্চক নিযুক্তি দি আহিছে বুলি তেওঁ প্রকাশ কৰে।
ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনত কেইবাটাও বিভাগ স্থাপন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্রয়োজনীয় অত্যাধুনিক সা-সৰঞ্জামবো ব্যৱস্থা কৰা হব। ভাষণ প্রসঙ্গত ড০ শর্মাই ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ খতিয়ান দাঙি ধৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us