২৫ হাজাৰ টকা লৈ হাতে লোটে ধৰা পৰিল কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা…

২৫ হাজাৰ টকা লৈ হাতে লোটে ধৰা পৰিল কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা…

author-image
asomiyapratidin
New Update
২৫ হাজাৰ টকা লৈ হাতে লোটে ধৰা পৰিল কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাক আজি গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দূৰ্নীতিবিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে । কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়াভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ীগৰাকীয়ে তদাৰকী আৰু দূৰ্নীতিবিৰোধী শাখাক অৱগত কৰে আৰু সেইমৰ্মে আজি গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দূৰ্নীতিবিৰোধী শাখাৰ ১৪ জনীয়া দল এটাই কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাক হাতেলোটে গ্ৰেপ্তাৰ কৰে ।

Advertisment

ব্যৱসায়ী গৰাকীয়ে পূৰ্বনিৰ্ধাৰিত সময় মতে কোকৰাঝাৰ চেণ্ট্ৰেল বেংকৰ পিছপিনে থকা হিমানজ্যোতি বৰাৰ ভাড়াঘৰত উপস্থিত হয় আৰু দাবী কৰা উপঢৌকনৰ ধন ২৫ হাজাৰ টকা আগবঢ়ায় । হিমানজ্যোতি বৰাই উপঢৌকনৰ ধন ২৫ হাজাৰ টকা গ্ৰহণ কৰা মাত্ৰকে গুৱাহাটীৰ পৰা তদাৰকী আৰু দূৰ্নীতিবিৰোধী শাখাৰ অতিৰিক্তি আৰক্ষী অধীক্ষক কৰুণা বৰদলৈৰ নেৰ্তৃত্বত অহা দলটোৱে হিমানজ্যোতি বৰাক হাতে লোটে গ্ৰেপ্তাৰ কৰে ।

বৰ্তমান কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ ভাড়াতীয়া গৃহত অভিযানকাৰী দলটোৱে তালাচী অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্ন নথি পত্ৰ , ফাইল তন্ন তন্নকৈ পৰীক্ষা কৰিছে । ঘটনা সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনোধৰণৰ তথ্য বা বক্তব্য সংবাদমাধ্যমৰ আগত সদৰি কৰা নাই ।