Advertisment

প্ৰেমিকে হত্যা কৰিছিল কংগ্ৰেছ নেত্ৰী হিমানীক !

মোৰ ছোৱালীজনী নিৰ্বাচনৰ পিছত দলটোক লৈ অলপ হতাশ হৈছিল ৷ হিমানী ভূপিন্দৰ সিং হুদাৰ পত্নী আশা হুদাৰ অতি ঘনিষ্ঠ আছিল। পুৱা আশা হুদালৈ ফোন কৰিছিলো যদিও তেওঁ মোৰ ফোন ৰিচিভ নকৰিলে।

author-image
Asomiya Pratidin
New Update
dgf

ডিজিটেল ডেস্কঃ  কংগ্ৰেছ কৰ্মী হিমানী নৰৱাল হত্যাকাণ্ডৰ এজন অভিযুক্তক আটক কৰিছে বিশেষ তদন্তকাৰী দলে। জেৰাৰ সময়ত অভিযুক্তই নিজকে হিমানীৰ প্ৰেমিক বুলি পৰিচয় দিছে। লগতে হিমানীক তেওঁৰ ঘৰতে হত্যা কৰা বুলিও স্বীকাৰ কৰিছে অভিযুক্তই।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, হিমানীক হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহটো এটা ছুটকেছত ভৰাইছিল অভিযুক্তই। এই ছুটকেছটো হিমানীৰ আছিল। ২৮ ফেব্ৰুৱাৰীৰ পুৱা তেওঁ এই ছুটকেছটো পৰিত্যক্ত স্থানত থৈ গৈছিল। দীৰ্ঘদিন ধৰি হিমানীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি জানিবলৈ দিছে অভিযুক্তই। 

উল্লেখযোগ্য যে, শনিবাৰে হাৰিয়ানাৰ ৰোহটক-দিল্লী পথৰ কাষত এটা ছুটকেছৰ ভিতৰত উদ্ধাৰ হৈছিল কংগ্ৰেছ কৰ্মী হিমানী নৰৱালৰ মৃতদেহ। কংগ্ৰেছ কৰ্মী গৰাকীৰ মাতৃয়ে এই হত্যাকাণ্ড সন্দৰ্ভত দলটোৰ একাংশ কৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, দলৰ প্ৰতি তাইৰ সক্ৰিয়তাৰ বাবেই একাংশ লোকে তাইৰ বিৰুদ্ধে শত্ৰুতা পুহি ৰাখিছিল ৷

লগতে মাতৃয়ে কয় যে, মোৰ ছোৱালীজনী নিৰ্বাচনৰ পিছত দলটোক লৈ অলপ হতাশ হৈছিল ৷ হিমানী ভূপিন্দৰ সিং হুদাৰ পত্নী আশা হুদাৰ অতি ঘনিষ্ঠ আছিল। পুৱা আশা হুদালৈ ফোন কৰিছিলো যদিও তেওঁ মোৰ ফোন ৰিচিভ নকৰিলে।

ইফালে ঘটনা সংঘটিত হোৱা পাছতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে কংগ্ৰেছ নেতৃত্বই। আৰক্ষীৰ মতে, হিমানীক ডিঙি চেপি হত্যা কৰা হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে, ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ আছিল হিমানী নৰৱাল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল নেত্ৰীগৰাকীয়ে ৷ 

 

হিমানী নৰৱাল