/asomiyapratidin/media/media_files/2025/08/25/hbs-btc-25-2025-08-25-19-49-45.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ‘’বিটিচিত বিজেপিয়ে নিজেই চৰকাৰ গঠনৰ পৰ্যায়লৈ আহি গৈছে। চৰকাৰ গঠনৰ ক্ষেত্ৰত আনক অগ্ৰাধিকাৰ দিয়াৰ সলনি বিজেপিয়ে নিজকে অগ্ৰাধিকাৰ দিছে।‘’ এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আজি কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ কালিপুখুৰীত অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় সংকল্প সমাৱেশত উপস্থিত থাকি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য কৰিছে। তদুপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা দুই-এদিনৰ ভিতৰতে বিটিচিৰ নিৰ্বাচন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি নিৰ্বাচন ঘোষণা হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে বিজেপিয়ে নিজ প্ৰাৰ্থী সন্দৰ্ভত ঘোষণা কৰিব।
কিমানটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব সেয়া পৰ্যবেক্ষকৰ সৈতে বিশ্লেষণ কৰি ঠিক কৰা হ'ব বুলি মন্তব্য কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে বিজেপিয়ে ইউপিপিএল বা বিপিএফৰ সতে সভা কৰিছিল। কিন্তু এতিয়া বিজেপিয়ে অকলে সভা অনুষ্ঠিত কৰিছে।
ইউপিপিএল বা বিপিএফতকৈ বিজেপিৰ সভাত মানুহ বেছি দেখা গৈছে। ৰাইজ হিলদল ভাঙি ওলাই আহিছে। অৱশ্যে সভাত ভাগ লোৱা মানেই ভোট দিয়া নুবুজায়। গোটেই কথাবোৰ পৰ্যালোচনা কৰি অহা ২৮ বা ২৯ আগষ্টত বিজেপিৰ প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
ইপিনে ছৈয়দা হামিদাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ছৈয়দা হামিদা হ'ল ছোনীয়া গান্ধীৰ বান্ধৱী। একালৰ প্লেনিং কমিটিৰ সদস্যা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও কেইবাবাৰো ছৈয়দা হামিদাক ৰাজ্যলৈ আমন্ত্ৰণ জনাইছিল।
বাংলাদেশী হ’লেও ৰাখি থব লাগে বুলি ছৈয়দা হামিদাই প্ৰদান কৰা বক্তব্যৰ বিৰোধিতা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, তাৰমানে কংগ্ৰেছ দল আৰু নাগৰিক সমিতিক যদি বাচি থাকিব দিওঁ আৰু যদিহে এইধৰণৰ কথা বতৰা চলি থাকে তেনেহলে কেতিয়াবা বাংলাদেশীবোৰ অসমত আহিব আৰু অসমীয়া বাংলাদেশত যাব লাগিব।
এয়া সংকটৰ মুহূৰ্ত আৰু সকলোৱে একগোট হৈ আমি অসমখনক নিৰাপদ কৰিব লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি আৰ্ছাদ মাদানী, হৰ্ষদ মাদানী, মেহমুদ মাদানীক মই খাতিৰ নকৰো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ড০ হীৰেন গোহাঁইকো কঠোৰ সমালোচনা কৰে।
ড০ হীৰেন গোহাঁই বেছিভাগ সময় আমেৰিকাতে থাকে আৰু যি দুদিন গুৱাহাটীলৈ আহে গুৱাহাটী জ্বলাই থৈ যায় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি আজিকালি মানুহে বুজি উঠাৰ বাবে হীৰেন গোহাঁইক গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে। আনহাতে অচিনাকী মানুহৰ ভোট বিজেপিক নালাগে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে, অচিনাকী মানুহৰ ভোটৰ অধিকাৰ কিয় থাকিব লাগে?
ভোট লগা -নলগাটো পিছত আহিব। ভোটাধিকাৰ থাকিব লাগে কিয় বুলি ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে। তেতিয়াহলে অচিনাকী মানুহৰ ভোট কৰ্তন কৰা হ'ব নেকি বুলি সাংবাদিকে প্ৰশ্ন সুধিছিল যদিও তাৰ কোনো উত্তৰ নিদিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।