এটা বানান ভুলৰ বাবে শিক্ষকক নিলম্বনঃ নিলম্বন পত্ৰত ভুলৰ উপৰি ভুল...

এটা বানান ভুলৰ বাবে নিলম্বন হ'ল এজন শিক্ষক। পিছে শিক্ষকজনক দিয়া নিলম্বন পত্ৰখন দেখি হতবাক হল সকলো। কাৰণ নিলম্বন পত্ৰখনতো আছিল কেইবাটাও বানান ভুল। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-08 at 2.46.05 PM

ডিজিটেল ডেস্কঃ এটা বানান ভুলৰ বাবে নিলম্বন হ'ল এজন শিক্ষক। পিছে শিক্ষকজনক দিয়া নিলম্বন পত্ৰখন দেখি হতবাক হল সকলো। কাৰণ নিলম্বন পত্ৰখনতো আছিল কেইবাটাও বানান ভুল। 

ঘটনাটো ২৫ ছেপ্টেম্বৰৰ। এজন শিক্ষকে এখন ৭৬১৬ টকাৰ চেকত লিখিছিল Saven Thursday Six Harendra Sixty। চেকখন লিখোতে হাণ্ড্ৰেড বানানটো ভুল হৈছিল শিক্ষকজনৰ। ইয়াৰ কিছুসময়ৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল চেকখন। বানান ভুলৰ বাবে শিক্ষকজনক সামাজিক মাধ্যমত কৰিছিল ব্যাপক সমালোচনা। যাৰবাবে ৪ অক্টোবৰত শিক্ষকগৰাকীক নিলম্বনৰ আদেশ প্ৰদান কৰা হৈছিল।

পিছে আমোদজনক কথাটো হ’ল শিক্ষকজনে লাভ কৰা নিলম্বনৰ আদেশ পত্ৰখন ভুলেৰে ভৰি আছিল। যেনে- প্ৰিন্সিপালৰ সলনি লিখিছিল প্ৰিন্সপাল,আনকি education বানাটো লিখিছিল  educatioin। এতিয়া ইয়াকে লৈ পুনৰ সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

সামাজিক মাধ্যমত সমালোচিত হোৱাৰ পাছতে নিলম্বন পত্ৰত বানান ভুল সন্দৰ্ভত কৰ্তৃপক্ষৰ তৰফৰ পৰা সদৰী কৰে যে, “সময়ৰ অভাৱ আছিল। আমি খৰখেদাকৈ জাননী জাৰি কৰিছিলো। ভুলবোৰ স্বীকাৰ কৰিছো। কিন্তু এইবোৰ টাইপিং ভুল। এই ভুলবোৰ কেনেকৈ সোমাল মই গম নাপালো।”

এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত। ভুল বানান লিখি নিলম্বন হোৱা শিক্ষকজনৰ নাম আটাৰ সিং। এটা বানান ভুলৰ বাবে আটাৰ সিঙক কৰিলে নিলম্বন। পিছে ভুলেৰে ভৰি থকা নিলম্বন পত্ৰ জাৰী কৰা জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষ্যণীয়। 

হিমাচল প্ৰদেশ