ডিজিটেল ডেস্কঃ বুধবাৰে হিমাচল প্ৰদেশৰ কিন্নোৰ জিলাত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলন ঘটনাৰ পাছত নিৰুদ্দেশ হৈ থকা লোকৰ সন্ধান বৃহস্পতিবাৰেও অব্যাহত আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহনৰ ওপৰত পাহাৰৰ মাটি আৰু শিল খহি পৰাৰ ফলত কিন্নোৰত বহু কেইখন বাহন পাহাৰৰ মাটি আৰু শিলেৰে পোত যোৱাৰ লগতে বাহন কেইখনত থকা বহু ব্যক্তিও সন্ধানহীন হৈ আছিল।
বূহস্পতিবাৰে চলোৱা উদ্ধাৰ অভিযানৰ সময়ত পাহাৰৰ মাটিয়ে পোতি পেলাৱা বাছখন উদ্ধাৰ কৰাৰ সময়ত তিনিটা মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰ লগে লগে এই ভূমিস্খলন ঘটনাত মৃতকৰ সংখ্যা বৰ্তমানলৈকে ১৩ জনলৈ বৃদ্ধি হৈছে।
ৰাজ্যখনৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি বুধবাৰৰ ভূমিস্খলন ঘটনাৰ ফলত কেইবাখনো বাহনৰ সৈতে ৰাজ্যিক পৰিবহন বিভাগৰ এখন বাছ সম্পূৰ্ণ ৰূপে মাটি আৰু শিলেৰ পোত গৈছিল। এই বাছখন বৃহস্পতিবাৰে উদ্ধাৰ কৰাৰ সময়ত তিনিটা মৃতদেহো বাছখনত পোৱা গৈছে। এতিয়াও খহি পৰা পাহাৰৰ মাটি আৰু শিলৰ মাজত এখন বলেৰ' বাহন পোত গৈ আছে।
বুধবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ভয়াবহ ঘটনাৰ পাছতে ৰাজ্যখনৰ আৰক্ষীয়ে আই টি বি পিৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। এই উদ্ধাৰ অভিযানৰ সময়ত বহু কেইখন বাহনৰ লগতে ১০ জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু কেইবাজনো আহত ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছত নিশা ১০ বজাত উদ্ধাৰ অভিযান স্থগিত ৰখা হৈছিল। বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা হিমাচল প্ৰদেশৰ আৰক্ষী, গৃহৰক্ষী জোৱান, এন ডি আৰ এফ আৰু আই টি বি পিৰ সদস্যই পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।