ডাঙৰ সিদ্ধান্তঃ হিমাচল কংগ্ৰেছৰ ৰাজ্যিক, জিলা আৰু সকলো ব্লক কমিটি আনুষ্ঠানিকভাৱে ভংগ...

ডাঙৰ সিদ্ধান্তঃ হিমাচল কংগ্ৰেছৰ ৰাজ্যিক, জিলা আৰু সকলো ব্লক কমিটি আনুষ্ঠানিকভাৱে ভংগ...

author-image
Asomiya Pratidin
New Update
ডাঙৰ সিদ্ধান্তঃ হিমাচল কংগ্ৰেছৰ ৰাজ্যিক, জিলা আৰু সকলো ব্লক কমিটি আনুষ্ঠানিকভাৱে ভংগ...

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কমিটিৰ পৰা আদি কৰি জিলা আৰু সকলো ব্লক কমিটি ভংগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। শেহতীয়াকৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে।

৬নৱেম্বৰ, ২০২৪ৰ পৰা তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ৰাজ্যখনৰ সমূহ কমিটি ভংগ কৰাৰ কথা ঘোষণা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰতিভা সিঙে হাইকামাণ্ডলৈ এক পত্ৰ লিখি পুৰণি সকলো কমিটি ভংগ কৰি নতুনকৈ কমিটি গঠনৰ বাবে আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সহাঁৰি জনাইছে আজি কংগ্ৰেছ হাইকামাণ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে।

হিমাচল কংগ্ৰেছ