/asomiyapratidin/media/media_files/2025/09/28/derererererer-2025-09-28-12-27-44.jpg)
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ শীতল মৰুভূমি বায়’স্ফিয়াৰ ৰিজাৰ্ভ (Cold Desert Biosphere Reserve)ৰ লগতে দেশৰ আন ২৫টা বায়’স্ফিয়াৰ ৰিজাৰ্ভক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভ (ডব্লিউএনবিআৰ)ত অন্তৰ্ভুক্ত কৰা হৈছে। এই বিশ্বব্যাপী স্বীকৃতিয়ে ৰাজ্যখনৰ লাহাউল-স্পিটি জিলাত বিস্তৃত ৭,৭৭০ বৰ্গ কিলোমিটাৰ অঞ্চলটোক আন্তঃৰাষ্ট্ৰীয় সংৰক্ষণৰ মানচিত্ৰত স্থান দিছে। এই সংযোজনৰ লগে লগে ভাৰতত এতিয়া WNBR ত ১৩টা বায়’স্ফিয়াৰ তালিকাভুক্ত কৰা হৈছে।
ইফালে, ইউনেস্কোৱে ২১খন দেশত ২৬টা নতুন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল নিৰ্ধাৰণ কৰিছে। এইয়া ২০ বছৰৰ ভিতৰত সৰ্বাধিক পৰিসংখ্যা। ডব্লিউ এন বি আৰত এতিয়া ১৪২খন দেশৰ ৭৮৫টা স্থান অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৮ চনৰ পৰা অতিৰিক্ত ১০ লাখ বৰ্গ কিলোমিটাৰ প্ৰাকৃতিক অঞ্চল সুৰক্ষাৰ অধীনলৈ অনা হৈছে। যি বলিভিয়াৰ আকাৰৰ সমতুল্য। ইউনেস্কোৰ এক বিবৃতিত প্ৰকাশিত হৈছে এইসমূহ তথ্য।
আনহাতে, কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে এক্সৰ জৰিয়তে সদৰী কৰে যে, ভাৰতৰ শীতল মৰুভূমি বায়’স্ফিয়াৰ সংৰক্ষিত বনাঞ্চলক ডব্লিউ এন বি আৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত শনিবাৰে পেৰিছত অনুষ্ঠিত হোৱা ইউ এন এছ ই চি অ’ৰ আন্তঃৰাষ্ট্ৰীয় সমন্বয়কাৰী পৰিষদ অৱ দ্য মেন এণ্ড দ্য বায়’স্ফিয়াৰ (এম এ বি)ৰ ৩৭ সংখ্যক অধিৱেশনত গ্ৰহণ কৰা হৈছে।