"মৰমৰ জুবিন নাই বোলা কথাটো মানি ল'ব পৰা নাই"

পাৰ্থিৱ শৰীৰক শ্ৰদ্ধাঞ্জলি জনাই উপস্থিত সকলোৰে সৈতে তেওঁ গাইছিল মায়াবিনি। মুখ্যমন্ত্ৰীৰ দুচকুৰে বৈ আহিছিল চকুলো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কন্দা আগতে হয়তো কোনেও দেখা নাছিল।

author-image
ৰিম্পী গগৈ
New Update
new ap web 7 (5)

ডিজিটেল ডেস্কঃ জুবিনৰ অনুৰাগী আছিল মুখ্যমন্ত্ৰী। পূৰ্বতেও কেবাবাৰো ৰাজহুৱা মঞ্চত স্বীকাৰ কৰিছে এই কথা। শনিবাৰে জুবিনৰ নিথৰ দেহ আনিবলৈ দিল্লীলৈ গৈছিল তেওঁ। পাৰ্থিৱ শৰীৰক শ্ৰদ্ধাঞ্জলি জনাই উপস্থিত সকলোৰে সৈতে তেওঁ গাইছিল মায়াবিনি। মুখ্যমন্ত্ৰীৰ দুচকুৰে বৈ আহিছিল চকুলো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কন্দা আগতে হয়তো কোনেও দেখা নাছিল।

মুখ্যমন্ত্ৰীয়ে কৈছিল, নতুন দিল্লী বিমানবন্দৰত আমাৰ প্ৰাণৰ, মৰমৰ জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এই মুহূৰ্তক কাহানিও বুজাব নোৱাৰিম। সঁচা কথা ক'বলৈ গ'লে, তেওঁৰ মৃত্যুক এতিয়াও গ্ৰহণ কৰিব পৰা নাই। বাৰে বাৰে মনে কৈছে যেন এই সকলোবোৰ এটি দুঃস্বপ্ন, শেষ হৈ যাব। সঁচাকৈ সময় বৰ নিষ্ঠুৰ। য'তেই থাকা কুশলে থাকিবা, জুবিন! আমাৰ প্ৰত্যেকৰে হৃদয়ত তুমি জীয়াই থাকিবা চিৰদিন-চিৰকাল। 

সামাজিক মাধ্যমতো আবেগৰ বৰ্হিঃপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সোঁৱৰণ কৰিছে জুবিনৰ সৈতে কটোৱা পূৰ্বৰ দিন। মুখ্যমন্ত্ৰীৰ পিতৃৰ কবিতা সুৰ কৰিছিল জুবিনে। নিৰ্মাণ কৰিছিল ৰুণজুন শীৰ্ষক এক এলবাম। এই কথাও মনত পৰিছে মুখ্যমন্ত্ৰীৰ। আনকি গুৱাহাটী বিমান বন্দৰত মায়াবিনি শুনি মুখ্যমন্ত্ৰীয়ে কৈছিল, নাই বোলোতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো! নোৱাৰি৷ মৰমৰ জুবিন নাই বোলা কথাটোও মানি ল'ব পৰা নাই, গোটেই অসমে পৰা নাই৷ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়েই যে জুবিনৰ ঘৰ, আপোন ঘৰ...

আনহাতে, দেওবাৰৰ লাখ লাখ লোকে ভাগ ললে জুবিনৰ শেষ যাত্ৰাত। এই মিছিল দেখি মুখ্যমন্ত্ৰীয়ে লিখিছে, শিকলি/ছিঙি তুমি/যাব নোৱাৰা…জনসমুদ্ৰই যেন তাকেই কৈছে।

জুবিনক হেৰুৱাই আজি সকলো মৰ্মাহত। এই সময় বৰ অসহনীয় ! কোনোৱে কেতিয়াও নভবা এক সত্যৰ সৈতে মুখা-মুখি হৈছে সকলো। অকালতে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে প্ৰতিজন জুবিন অনুৰাগী। সমানেই আবেগিক হৈ পৰিছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  

জুবিন গাৰ্গ জুবিন