/asomiyapratidin/media/media_files/2025/09/21/388-2025-09-21-02-37-03.jpg)
ডিজিটেল ডেস্ক : সদায় তেওঁৰ বাবে মানুহে অপেক্ষাই কৰে। আহি আছে জুবিন ! এয়াইতো হৈ আছিল সদায়। আহিয়েই মঞ্চত উঠি সুৰেৰে সজাইছিল মায়াৱী নিশা। তাৰ আগতে বাৰে বাৰে আয়োজকৰ ঘোষণা- অপেক্ষা কৰক ৰাইজ। আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আপোনালোক সকলোৰে মৰমৰ জুবিন গাৰ্গ।
তাৰ পাছত তেওঁ সেই প্ৰিয় গীতবোৰ। আপোন পাহৰা হৈ পৰে মানুহবোৰ। তেওঁৰ সৈতে চিঞৰি চিঞৰি গায় আনে যোৱা বাটে নোযোৱা ছোৱালীজনী বা মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে আদি কত গান। নাহৰ তেওঁৰ প্ৰিয়, জোনবাই তেওঁৰ প্ৰিয়।
বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ, কিনো চাওনিৰে চালা মোক ঐ, ঐ নাহৰ...। মন গ’লেই গায় দিয়ে ইয়া আলী। এটা দুটাতো নহয় তেওঁৰ গীত। ৩৮ হাজাৰৰো অধিক গীতৰ স্ৰষ্টা তেওঁ।
আজিও সেই অপেক্ষা। আহি আছে জুবিন। অৱশ্যে সময় একেই সেই পুৱতি নিশা। মঞ্চ নহয় একেখন। জীৱন নাট সামৰি গুচি যোৱা সময়ৰ মঞ্চ এয়া। নাগাই তেওঁ আজি গীত। তেওঁৰ বাবে গাব লাগিব আজি আমি তেওঁৰেই সংগীত।
আহি আছে জুবিন, নাই আজি ঘোষণা। নাই আজি সেই সুখময় মাদকতাভৰা ক্ষণৰ তেওঁৰ গীত শুনাৰ মাদকতা। তেওঁ আহিব শেষ বিদায় ল’বলৈ। সকলোৰে পৰা বিদায় লৈ জোনবাইৰ দেশলৈ চিৰদিনৰ বাবে যাবগৈ।