শিলচৰত ৰাজ্যৰ তৃতীয়টো হিম'গ্লবিনওপাইথিছ এণ্ড হিম'ফিলিয়া চেন্টাৰ মুকলি

শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে এই নতুন চেন্টাৰ টোৰ উদ্বোধন কৰে। এন এইচ এমৰ উদ্যোগত শিলচৰ মেডিকেল কলেজত এই নতুন হিম'গ্লবিন ওপাইথিছ এণ্ড হিম'ফিলিয়াৰ চেন্টাৰ শুভ উদ্বোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আৰু এক নতুন সংযোজন ঘটিল। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত এইবাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৰাজ্যৰ তৃতীয়টো হিম'গ্লবিন ওপাইথিছ এণ্ড হিম'ফিলিয়া চেন্টাৰৰ উদ্বোধন কৰা হ'ল।

Advertisment

শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে এই নতুন চেন্টাৰ টোৰ উদ্বোধন কৰে। এন এইচ এমৰ উদ্যোগত শিলচৰ মেডিকেল কলেজত এই নতুন হিম'গ্লবিন ওপাইথিছ এণ্ড হিম'ফিলিয়াৰ চেন্টাৰ শুভ উদ্বোধন কৰা হয়।

বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য ত্রিপুৰা আৰু মিজোৰামৰ হিম'গ্লবিন ওপাইথিছ ৰোগীৰ উন্নত চিকিৎসাৰ বাবে এই কেন্দ্ৰ বিশেষভাৱে সহায়ক হ’ব। চেন্টাৰটো উদ্বোধনৰ পিছত এছ এম চি ৰ এলুমেনি প্ৰেক্ষাগৃহত আয়োজিত সভাত পৰিমল শুক্লবৈদ্যৰ লগতে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডা০ ভাস্কৰ গুপ্ত আৰু অন্যান্য উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পিছত এতিয়া শিলচৰতো এই বিশেষ চিকিৎসা কেন্দ্ৰ আৰম্ভ হোৱাত দক্ষিণ অসম তথা প্ৰতিবেশী ৰাজ্য সমূহৰ ৰোগীসকল বিশেষভাবে উপকৃত হ’ব বুলি মন্তব্য কৰে সাংসদ পৰিমল শুক্লবৈদ্যই।

শিলচৰ