/asomiyapratidin/media/media_files/2025/07/18/web-ap-hem-2025-07-18-21-27-01.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত অসম চৰকাৰৰ মুখ্য সচিব আৰু অসম প্ৰকাশন পৰিষদৰ সচিবলৈ হেমকোষৰ সন্দৰ্ভত আইনী জাননী প্ৰেৰণ কৰিলে হেমকোষ প্ৰকাশনে। শুকুৰবাৰে হেমকোষ প্ৰকাশনৰ হৈ জয়ন্ত বৰুৱাৰ অধিবক্তাই এই আইনী জাননী প্ৰেৰণ কৰে।
এই সন্দৰ্ভত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা হেমকোষ প্ৰকাশনৰ হৈ প্ৰেৰণ কৰা আইনী জাননী সন্দৰ্ভত জয়ন্ত বৰুৱাই কয় যে, বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাতো কৈছে হেমকোষৰ ৫০ বছৰ হৈ গ’ল গতিকে কোনো কপিৰাইট নাই। গতিকে হেমকোষ তেওঁলোকে ছপা কৰিব।
আচল কথা সেইটো নহয়। ১৯০০ চনত হেমকোষ প্ৰথম প্ৰকাশ হৈছিল আৰু মোৰ ককা আনন্দৰাম বৰুৱাই ১৯৪১ ত দ্বিতীয় সংস্কৰণ উলিয়াইছিল। তাৰ পিছত ১৯৫৫ত উলিয়াইছিল। তাৰ পিছত ২০২৩ লৈ সময়ে সময়ে হেমকোষৰ সংস্কৰণ ওলাই আছে।
তেওঁলোকে কৈছে ১৯০০ চনত প্ৰকাশ পোৱা হেমকোষখন ৫০ বছৰীয়া কপিৰাইটৰ আওঁতাত নপৰে। কাৰণ ১৯০০ চনৰ হেমকোষখন ৫০ বছৰ হোৱাৰ আগতেই পুনৰ প্ৰকাশ পাইছিল।
এতিয়া তেওঁ মাজে মাজে কৈছে যে হেমকোষৰ কপিৰাইট নাই। আচলতে হেমকোষ পৰিয়ালৰ কপিৰাইট আছে। ২০০৬ চনতে কপিৰাইট পঞ্জীয়ন কৰি থৈছে আৰু এই কপিৰাইট থকাৰ বাবেই আৰু সংবাদ মাধ্যমত বিষয়টো চৰ্চা হৈ থকাৰ বাবেই মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সেয়ে আজি মোৰ অধিবক্তাই ৰাজ্যৰ মুখ্য সচিব আৰু প্ৰকাশ পৰিষদৰ সচিবলৈ এখন আইনী জাননী জাৰি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/hemkosha-2025-07-18-21-25-10.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/hemkosha-2025-07-18-21-24-02.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/hemkosha-2025-07-18-21-25-59.jpeg)
তেওঁলোকে নাজানিব পাৰে সেই বাবেই আমি আইনী জাননীখন তেওঁলোকলৈ প্ৰেৰণ কৰিছো। কি আইনৰ আধাৰত, কেনেকৈ তেওঁলোকে হেমকোষ প্ৰীণ্ট কৰিব পাৰে? তেওঁলোকে প্ৰীণ্ট কৰিব পাৰিব, কিন্তু আমাৰ অনুমতি লাগিব। আমাৰ অনুমতি অবিহনে চৰকাৰে প্ৰীণ্ট কৰিব নোৱাৰে।
গতিকে মই ভাবো যে চৰকাৰে বিষয়টো বুজি পাব আৰু ন’হলে এই বিষয়টো আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাব। চৰকাৰৰ বাবেই অসুবিধা হ’ব। কাৰণ এখন আইন আছে, সেই আইন মতেই ব্যৱস্থা হ’ব।
২০০৬ চনতে আমাৰ পিতৃ প্ৰয়াত দেৱানন্দ বৰুৱাই কপিৰাইট পঞ্জীয়ন কৰি থৈ গৈছে। সেই কপিৰাইটৰ ভিত্তিতেই হেমকোষখন আন কোনোবাই প্ৰীণ্ট কৰিব নোৱাৰে। বেলেগ কোনোবা প্ৰকাশনেই হওঁক বা চৰকাৰেই হওঁক হেমকোষখন নিজাববীয়াকৈ তেওঁলোকে প্ৰীণ্ট কৰিব নোৱাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/hemkosha-2025-07-18-21-26-18.jpeg)
উল্লেখযোগ্য যে, হেমকোষৰ শেহতীয়াকৈ পঞ্চদশ সংস্কৰণ ২০২৩ চনৰ ১০ ডিচেম্বৰত প্ৰকাশ পাইছিল। ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ভাষাবিদ ক্ৰমে ড০ মালিনী গোস্বামী, ড০ বসন্ত গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচমৰ তত্বাৱধান আৰু কেইবাগৰাকী অধ্যাপকৰ সহযোগত প্ৰায় ডেৰ বছৰীয়া প্ৰস্তুতিৰে এই পঞ্চদশ সংস্কৰণ প্ৰকাশ পাইছিল।
যিটো সংস্কৰণৰ সম্পাদনাৰ দায়িত্বত আছিল জয়ন্ত বৰুৱা। সেই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছিল ১৯৪০ চনৰ ১ নৱেম্বৰত। তাৰ সম্পাদনা আৰু প্ৰকাশকৰ দায়িত্বত আছিল আনন্দৰাম বৰুৱা। দ্বিতীয় আৰু তৃতীয় সংস্কৰণ আনন্দৰাম বৰুৱাৰ দ্বাৰা প্ৰকাশৰ পাছত চতুৰ্থ সংস্কৰণৰ পৰা ইয়াৰ সম্পাদনাৰ দায়িত্ব লৈছিল হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/18/hemkosha-2025-07-18-21-26-37.jpeg)
সেই কপিৰাইট আইন অনুসৰিয়েই ইয়াৰ স্বত্ব থাকিব হেমকোষ প্ৰকাশনৰ হাতত। অসম চৰকাৰে ইয়াৰ কপিৰাইটৰ ম্যাদ উকলি গ’ল বুলি কলেও সেয়া সঁচা নহয়। সেয়েহে হেকমকোষ প্ৰকাশনৰ হৈ জয়ন্ত বৰুৱাৰ অধিবক্তাই এই আইনী জাননী প্ৰেৰণ কৰিছে।
আইনী জাননীত উল্লেখ থকা মতে এই আইন উলংঘা কৰি অসম চৰকাৰ বা প্ৰকাশন পৰিষদে হেমকোষ নিজাকৈ প্ৰকাশ কৰিব নোৱাৰে। আইনী জাননীখনত উল্লেখ থকা মতে কপিৰাইট এক্ট ১৯৫৭ ৰ ১৩ আৰু ২২ নং ধাৰা অনুসৰি ইয়াৰ স্বত্ব থাকিব দেৱানন্দ বৰুৱাৰ পৰিয়াল তথা হেমকোষ প্ৰকাশনৰ হাতত।