ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা - পৰিচালক হেমেন শৰ্মা আৰু নাই

সৰুৰে পৰা নাটক, অভিনয়ৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা হেমেন শৰ্মাই ১৯৬৯  চনত "নটৰাজ থিয়েটাৰ"ত  অভিনয় জগতত প্ৰবেশ কৰে এগৰাকী অভিনেতা ৰূপে।

author-image
Asomiya Pratidin
New Update
543

ডিজিটেল সংবাদ, গুৱাহাটী : ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, পৰিচালক তথা শিল্পী পেঞ্চনাৰ হেমেন শৰ্মা (৮৭)ৰ বৃহস্পতিবাৰে নিশা প্ৰায় ৮-০০ বজাত বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুন বৰলা গাঁৱস্থিত বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। সৰুৰে পৰা নাটক, অভিনয়ৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা হেমেন শৰ্মাই ১৯৬৯  চনত "নটৰাজ থিয়েটাৰ"ত  অভিনয় জগতত প্ৰবেশ কৰে এগৰাকী অভিনেতা ৰূপে।

ইয়াৰ পিছত তেওঁ উভতি চাবলগীয়া হোৱা নাই। ইয়াৰ পিছত অসম ষ্টাৰ থিয়েটাৰ (৫ বছৰ), ৰূপালীম থিয়েটাৰ (৫ বছৰ), কহিনুৰ থিয়েটাৰ (৫ বছৰ), অনিৰ্বাণ থিয়েটাৰ, দেৱদাসী থিয়েটাৰ, তুৰংগম থিয়েটাৰ, সহযাত্ৰী থিয়েটাৰত অভিনেতা আৰু পৰিচালক হিচাপে ৰাইজৰ মাজত মচিব নোৱাৰা সাঁচ বহুৱায় থৈ যায়।

তেওঁ 'ফুল চন্দন' (প্ৰকাশিত), 'মহাযুদ্ধৰ ঘোঁৰা', 'পবিত্ৰ গংগা-কাবেৰী', 'বেলি আবেলি', 'আইজনী' আদি‌ নাটক লিখিছিল। ২০০৩ চনত তেওঁ থিয়েটাৰৰ পৰা অভিনয় - পৰিচালনা জীৱন সামৰি গাঁৱখনৰ ল'ৰা-ছোৱালীক নাটক শিকাইছিল ।

তেওঁক ৰাজ্য চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰে। আনহাতে, তেওঁক তেজপুৰৰ বাণ থিয়েটাৰ, অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, তেজপুৰৰ সমাজসেৱা কেন্দ্ৰৰ সোণালী জয়ন্তী আদি অনুষ্ঠানত শিল্পী হেমেন শৰ্মাক নাট্যশিল্পী হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ-বোৱাৰী, এক জী-জোঁৱাই, কেইবাগৰাকী নাতি-নাতিনীক ইহ-সংসাৰত এৰি থৈ যায়।

প্ৰবীণ শিল্পীগৰাকীৰ বিয়োগত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি কয়-- " আমি এগৰাকী মফচল অঞ্চলৰ নতুন প্ৰজন্মৰ শিল্পী নিৰ্দেশক হেৰুৱালো। আজীৱন নাটক-অভিনয় সাধনা কৰা মানুহজনৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।"

শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত ঘৰলৈ আহি পুষ্পাৰ্ঘ্য অৰ্পণ কৰে সাহিত্য সাধনা মঞ্চ, অসম, নতুন বৰলা গাঁও উন্নয়ন সমিতি, স্বৰ্ণ বজাৰ আঞ্চলিক লক্ষ্মী পূজা সমিতি, দক্ষিণ ককলাবাৰী সাহিত্য সভা, বাঘমাৰা সাহিত্য সভা আদি অনুষ্ঠানে। আনহাতে - তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি তাৰিণীকান্ত গোস্বামীয়ে শোক প্ৰকাশ কৰে।

একেদৰে সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড০ এম গোপাল সিংহ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, গৱেষিকা ড০ মলিনা দেৱী ৰাভা, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰভাৱে সমবেদনা জ্ঞাপন কৰে।

ভ্ৰাম্যমাণ থিয়েটাৰ