/asomiyapratidin/media/media_files/2026/01/09/yhyh-2026-01-09-20-02-07.jpg)
ডিজিটেল সংবাদ, দিল্লীঃ অসমৰ ভাষা - সাহিত্য আৰু বুৰঞ্জীক যি কেইগৰাকী মহান মণিষীয়ে নিজৰ যুগজয়ী কৰ্মৰাজিৰে মহীয়ান কৰি গৈছে তাৰ ভিতৰত অন্যতম এক নাম হৈছে পণ্ডিত হেমচন্দ্ৰ গোস্বামী ৷ নতুন দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেচনেল চেন্টাৰত আয়োজন কৰা এক মনোজ্ঞ অনুষ্ঠানত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি, অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰা হয়৷
/asomiyapratidin/media/post_attachments/1e6ff41f-0c5.png)
অনুষ্ঠানৰ আৰম্ভণিতে ড০ নৱ গোস্বামীৰ আদৰণি ভাষণেৰে অতিথিসকলক উষ্ম সম্ভাষণ জনোৱাৰ লগতে ভাষিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা ফাউণ্ডেশ্যনৰ দায়বদ্ধতাক আলোকপাত কৰে। অনুষ্ঠানত অংশ লৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ব্যক্তিত্ব আৰু অসমলৈ আগবঢ়োৱা তেখেতৰ অৱদানক স্মৰণ কৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থ সাৰথি মহন্তই ৷
/asomiyapratidin/media/post_attachments/2dde1188-c0f.png)
অনুষ্ঠানত " স্কলাৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী " শীৰ্ষক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড' সুৰ্য্য কান্ত হাজৰিকাই লিখা ইংৰাজী অনুদিত কৰা এখন কিতাপ উন্মোচন কৰে বিশিষ্ট শিল্পী ওস্তাদ আমজদ আলী খানে ৷ এই অনুষ্ঠানত " লেংগুৱেজ এণ্ড লিগেছি" শীৰ্ষক এক আলোচনাচক্ৰৰ আয়োজন কৰা হয় ৷
/asomiyapratidin/media/post_attachments/9f5816af-a24.png)
সুনীতা ভূঞাই আঁত ধৰা এই আলোচনা চক্ৰত অংশ লয় ড০ উদয় দিক্ষীত, ড০ জয়ন্ত বিশ্ব শৰ্মা, সংগীতা বৰুৱা পিছাৰটী আৰু ময়ুৰ বৰাই ৷ এই অনুষ্ঠানত উপস্থিত থাকি প্ৰতিদিন টাইমৰ মহা প্ৰৱন্ধক তথা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ আজোনাতি গৌৰৱ গোস্বামীয়ে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে হেমকোষ প্ৰকাশ কৰি উলিওৱাত গ্ৰহণ কৰা ভূমিকাক স্মৰণ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/da0680f0-a091-44d5-bdce-2bfc61693221-2026-01-09-19-55-22.jpeg)
গোস্বামীয়ে লগতে কয় যে, মই ভাৱো যে মোৰ বিবাহৰ জৰিয়তে আমাৰ জীৱনটো সম্পূৰ্ণ হৈছে। হেমকোষৰ স্ৰষ্টা হেমচন্দ্ৰ বৰুৱাৰ আজোনাতিৰ সৈতে মোৰ বিয়া হৈছে। আমাৰ বিয়াৰ প্ৰাৰম্ভিক কথা-বতৰাৰ সময়ত দেবানন্দ বৰুৱা আৰু মোৰ শ্ৰদ্ধাৰ শহুৰ জয়ন্ত বৰুৱাই আমাৰ ঘৰলৈ আহি কোৱো কথাকেইষাৰ আজিও মোৰ মন-মগজুত থিতাপি লৈ আছে। তেওঁলোকে হেমচন্দ্ৰ গোস্বামীয়ে হেমকোষলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰিছিল সেই সময়ত। গোস্বামীয়ে আৰু কয়, এনে বংশত জন্ম লোৱাই নহয়, আমাৰ ভাষা আৰু সংস্কৃতিলৈ ইমান গভীৰ অৰিহণা যোগোৱা আন এটা বংশৰ পৰা বিবাহৰ দৰে পৱিত্ৰ সম্পৰ্ক স্থাপন কৰিবলৈ পাই মই নিজকে অসীম সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ।
/asomiyapratidin/media/post_attachments/86aba3e3-dd5.png)
পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন, কৰ্মৰাজি আৰু বৃহত্তৰ অসমীয়া ভাষা সাহিত্যৰ পৰিকাঠামো গঠনৰ প্ৰতি থকা অৱদানক স্মৰণ কৰা আৰু ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰাৰ বাবেই পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেচনে এই প্ৰয়াস গ্ৰহণ কৰিছে ৷ অনুষ্ঠানৰ শেষত শিল্পী সুনীতা ভূঞাৰ ভায়েলিন পৰিৱেশনৰে অনুষ্ঠানৰ সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us