/asomiyapratidin/media/media_files/2025/09/18/hemchandra-18-2025-09-18-18-57-42.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ অসম সাহিত্য সভা, ভাৰতীয় ইতিহাস সংকলন সমিতি আৰু নাট্য মন্দিৰকে আদি কৰি তেজপুৰৰ একাধিক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰে ওতঃপ্ৰোতভাৱে জড়িত থকা পতীয়াচুবুৰীৰ নিৱাসী বিশিষ্ট সমাজসেৱক তথা কৃষি বিভাগৰ এজন অৱসৰপ্ৰাপ্ত পৰিদৰ্শক হেমচন্দ্ৰ দাসৰ আজি ৮০ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
আনহাতে বিগত দিন ধৰি বহু সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ অহা ব্যক্তিগৰাকীৰ বিয়োগৰ খবৰ পোৱাৰ পিছতে অঞ্চলটোৰ অগণন গুণমুগ্ধ আৰু শুভাকাংক্ষী পতীয়াচুবুৰীৰ নিজা বাসগৃহ উপস্থিত হয়। সৰবৰহী লোকজনৰ মৃত্যুত আজি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
জানিব পৰা মতে বিগত কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ মাজতে আজি পুৱা হঠাতে প্ৰায় ৯.৪৫ বজাত নিজা বাসগৃহতে হেমচন্দ্ৰ দাসৰ মৃত্যু ঘটে। উল্লেখ্য যে ২০০৮ বৰ্ষতে কৃষি বিভাগৰ পৰা এজন কৃষি পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা হেমচন্দ্ৰ দাস তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক, তেজপুৰ চাৰিআলিৰ শ্ৰীশ্ৰী শংকৰ নাট্য মন্দিৰৰ কেইবাবছৰৰ সম্পাদক আৰু হিচাপ পৰীক্ষক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী সদস্যৰ দায়িত্বৰ লগতে তেজপুৰ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মৃত্যু পৰ্যন্ত সম্পাদক আৰু তেজপুৰ চাৰিআলি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰো মৃত্যু পৰ্যন্ত হিচাব পৰীক্ষকৰূপে সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
ইয়াৰোপৰি দাসে পূৰ্বতে এজন সুদক্ষ ভাৱৰীয়া আৰু বিহুৱা হিচাপেও জনপ্ৰিয় হোৱাৰ লগতে এজন জ্যেষ্ঠ বিহু বিচাৰকো আছিল। মৃত্যুৰ সময়ত তেওঁ সহধৰ্মিণী, তিনিগৰাকী পুত্ৰ, এজন জী-জোঁৱাই আৰু দুগৰাকী বোৱাৰীসহ বহু নিকটাত্মীয় আৰু অগণন গুণমুগ্ধক ইহসংসাৰত এৰি যায়।
এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগত তেজপুৰৰ বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।