ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত থকা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰাদ্ধাৰ্ঘৰে আজি অসমীয়া ভাষাৰ আত্মা স্বৰূপ হেমকোষৰ প্ৰণেতাগৰাকীৰ ওপজা দিন গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয়। স্মৃতি ধাৰা অসমৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উপাচাৰ্য ড০ জিতেন হাজৰিকাই

author-image
Asomiya Pratidin
New Update
447

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত থকা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰাদ্ধাৰ্ঘৰে আজি অসমীয়া ভাষাৰ আত্মা স্বৰূপ হেমকোষৰ প্ৰণেতাগৰাকীৰ ওপজা দিন গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয়। স্মৃতি ধাৰা অসমৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উপাচাৰ্য ড০ জিতেন হাজৰিকাই কেতবোৰ মন্তব্য কৰে। 

WhatsApp Image 2025-12-10 at 4.41.18 PM

তেওঁ কয়- ওজা হেমচন্দ্ৰ বৰুৱাই অসমৰ বৌদ্ধিক আন্দোলনৰ গুৰি ধৰিছিল। তেওঁৰ তুলনাত পৰৱৰ্তী পিড়িৰ আমি অসমীয়াসকলে জাতিটোৰ বাবে একোৱেই কৰিব পৰা নাই। বিশ্ববিদ্যালয়ৰ চৌহদত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে তেওঁ সাদিন- প্ৰতিদিন গোষ্ঠীক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে । 

WhatsApp Image 2025-12-10 at 4.41.45 PM

আনহাতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমা সোণোৱালে তেওঁৰ বক্তব্যত কয় – হেমচন্দ্ৰ বৰুৱা কেৱল অসমীয়া ভাষাৰে ওজা নাচিল। তেওঁ অসমীয়া সমাজৰ কু-সংস্কাৰ, বৰ্ণ বৈষম্য, বাল্য বিবাহ, ব্ৰিটিছে প্ৰচলন কৰা কানিৰ বিৰুদ্ধে গঢ়ি তুলিবলৈ বিচাৰিছিল এক সৰ্বাত্মক আন্দোলন। বিধবা বিবাহৰ সপক্ষেও মৃত্যুপৰ্যন্ত মাত মতা বৰুৱাদেৱ আছিল মৰণোত্তৰ দেহদানৰ দৰে অত্যাধুনিক আৰু বিজ্ঞান মনস্কতাৰ ওজাস্বৰূপ ।

WhatsApp Image 2025-12-10 at 4.42.02 PM

অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদৰ লগতে ডিব্ৰুড়ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, স্মৃতিধাৰা অসমৰ সভাপতি দিপক বৰ্মন, ছাত্ৰ-ছাত্ৰী আৰু বহুসংখ্যক বিশিষ্ট লোক উপস্থি থাকে।

dibrugarh university হেমচন্দ্ৰ বৰুৱা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা