উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুছিঁ গ'ল অভিনেতা, নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্ত...

ভ্ৰাম্যমাণৰ নাটকক নতুন ৰূপ দিয়া মানুহজন উভতি নহাৰ বাটেৰে চিৰদিনলৈ গ'লগৈ। অভিনেতা, নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে ৰাজ্য়বাসীক।

author-image
Asomiya Pratidin
New Update
ddddd

ডিজিটেল ডেস্কঃ ভ্ৰাম্যমাণৰ নাটকক নতুন ৰূপ দিয়া মানুহজন উভতি নহাৰ বাটেৰে চিৰদিনলৈ গ'লগৈ। অভিনেতা, নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে ৰাজ্য়বাসীক। জি এম চি এইচৰ আই চি ইউত ৮৩বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। 

মই যি বাটেৰে ওলালো আজি নাহো উভতি,এই আকাশ বৰ বিশাল, সময় গতিশীল, মেজ ভৰা আউসীৰে ৰাতি (জীৱন সুৰভি- কন্ঠ- অৰুণ দাস),জীৱনৰ কঠিন বাটত (যখম),ক'তেনো আছা মোৰ কলিজাৰ আই (ব'হাগৰ দুপৰীয়া), মই এটি মুকলি পখি (জীৱন সুৰভি), কিনো অভাগা কপাল (ভূপেন হাজৰিকা), যৌৱন মানে পচোৱাৰ লগত অহা, নায়ক হ'ব খুজি, খলনায়ক হলি, নহ'লে পৰিচয় হিয়াৰে, গছে বনে সেউজীয়া, ল'ৰালিয়েও দেও দিয়া, মন মোৰ উৰিছে, বৰষা তুমি আহা, জিৰি জিৰি (চাৰু গোহাঁই), শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিয়ে, বুকু ভৰা এই তৃষা যে, জীউ তুমি মৰমৰে মৌ, গছে বনে সেউজীয়া (ঋতুপৰ্ণ শৰ্মা), বকু দূৰু দূৰু লাগে কিয় বাৰু, মতলীয়া ব'তাহে উৰি আহি ক'লে যে, পুতলাৰে কইনা দৰা, নদী তোৰ বুকুতে, ক'ত সোঁত আছে গুপুতে (উপপথ), নিজানতে গুপুতে আহি মোৰ অচিনা প্ৰেয়সী, অ' পচোৱা, হিয়াৰ মৰম মুকুতা হৈ আদি কৰি প্ৰায় পাঁচ শতাধিক গীতৰে অসমীয়া সংগীত জগতৰ প্ৰবাদ পুৰুষ আছিল হেমন্ত দত্ত।

হেমন্ত দত্ত ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম হয়। তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল। স্কুলীয়া শিক্ষা মঙলদৈত লাভ কৰা দত্তই ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰে। কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে।

এই সময়ছোৱাত তেওঁলোকে 'কুইভাৰ্ছ বেণ্ড' নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰে। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ 'ইণ্ডিয়া ক্লাব'ত পৰিবেশন কৰে। ১৯৭৭ চনত নতুন আশা চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেচাগত ভাবে গীত ৰচনা কৰিবলৈ ধৰে। প্ৰায় ৫০০ তকৈও অধিক গীত ৰচনা কৰা দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হয়।

জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰে। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়।

হেমন্ত দত্তই গীত লিখাৰ উপৰিও অসমীয়া নাট্য জগততো বিশেষ অৰিহনা আছে, এওঁৰ বিখ্যাত নাট সমূহ হ'ল এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দূৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং আদি। চিৰযুগমীয়া বহু গীত,নাটক, উপহাৰ দিয়া হেমন্ত দত্তই অভিনয় আৰু পৰিচালনাৰে অসমীয়া ভাষা-সংস্কৃতিৰ জগতত জ্যোতিস্মান।

এনে অৱদানৰ বাবে দত্তই ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮ আদি বটা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া প্ৰতিদিনৰ এছিভাৰছ এৱাৰ্ডৰেও সন্মানিত কৰা হৈছিল বিশিষ্ট নাট্য়কাৰগৰাকীক। 

হেমন্ত দত্ত