টেঙাবাৰী জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকা আৰু নাই

দৰং জিলা পৰিষদৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকা আৰু নাই। বুধবাৰে পুৱা ৭-৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ডেকাই।

author-image
Asomiya Pratidin
New Update
127

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা পৰিষদৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকা আৰু নাই। বুধবাৰে পুৱা ৭-৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ডেকাই।

Advertisment

উল্লেখ্য যে, ১০ আগষ্টৰ নিশা হঠাৎ অসুস্থ হৈ পৰাত ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰিছিল পৰিয়ালৰ লোকে। দৰং জিলা পৰিষদৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈ মাত্ৰ কেইদিনমান আগতে শপত গ্ৰহণ কৰিছিল ডেকাই।

তাৰোপৰি অসম গণ পৰিষদৰ জিলা পৰ্যায়ৰ নেতৃত্ব দি পিছত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়বাবৰ দায়িত্বত আছিল হেমন্ত ডেকা। প্ৰয়াত ডেকা সৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৷ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য, দুনী দিপীলা  জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল। 

এইবেলি দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈ কেইদিনমান পূৰ্বে জিলা পৰিষদৰ সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। দৰঙৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ এক সামাজিক জীৱনৰ অংশীদাৰ হৈ আছিল ডেকা। এনে এগৰাকী ব্যক্তিৰ মৃত্যুৱে সমগ্ৰ দৰঙত শোকৰ ছাঁ পেলাইছে।

mangaldai