অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জ্যেষ্ঠ নেতা হেমন্ত দাসৰ দেহাৱসান

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উপদেষ্টা হেমন্ত দাসৰ আজি ৰাতিপুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।

author-image
Asomiya Pratidin
New Update
new ap web 2.jpg (6)

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উপদেষ্টা হেমন্ত দাসৰ আজি ৰাতিপুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।

জানিব পৰা মতে,বিগত ১৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আছিল। চিকিৎসাৰ মাজতেই আজি পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

হেমন্ত দাসে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্যৰ আসনো অলংকৃত কৰিছিল। সংগঠনটোৰ বিভিন্ন কাৰ্যসূচীত তেওঁৰ সক্ৰিয় অংশগ্ৰহণ আৰু নিষ্ঠাপূৰ্ণ নেতৃত্বই তেওঁক এক বিশেষ স্থান প্ৰদান কৰিছিল।

তেওঁৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে গুৱাহাটী যুৱ সমাজ, লাচিত নগৰ নাগৰিক সমাজ, বিহু সমিটি, প্ৰতিভা বিকাশ মঞ্চ আৰু বৃহত্তৰ গুৱাহাটী ছাত্ৰ সমাজে গভীৰ শোক প্ৰকাশ কৰিছে। বিভিন্ন সংগঠনে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে।

উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত জাতীয়তাবাদী নেতা গৰাকীয়ে পত্নী আৰু একমাত্ৰ জীয়ৰীক এৰি থৈ যায়। তেওঁৰ অকাল বিয়োগে সংগঠনটোৰ লগতে সমগ্ৰ গুৱাহাটী মহানগৰীৰ সামাজিক পৰিসৰত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ