ডিজিটেল ডেস্কঃ হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত একত্ৰিত হ'ল ইণ্ডিয়া ব্লকৰ নেতা সকল। বৃহস্পতিবাৰে ৰাঁচীৰ মোৰহাবাদী ময়দানত অনুষ্ঠিত হৈছিল হেমন্ত ছোৰেণৰ শপত গ্ৰহণ অনুষ্ঠান। ছোৰেণৰ আমন্ত্ৰণ মৰ্মে উক্ত দিনা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকৰ প্ৰতিগৰাকী নেতা মঞ্চত উপস্থিত আছিল।
চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত তেওঁৰ পিতৃ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ আৰু মাতৃ ৰূপী ছোৰেণো মঞ্চত উপস্থিত থাকে।
উক্ত অনুষ্ঠানখনত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো ছোৰেণৰ সৈতে মঞ্চত উপস্থিত থাকে। তেওঁলোকক সংগ দিয়ে আৰজেডি নেতা তেজস্বী যাদৱ, সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱকে ধৰি অন্যান্য নেতাই৷
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ছ'চিয়েল মিডিয়াত কেবাটাও পোষ্ট দিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে। য'ত তেওঁ লিখিছিল-
"আজিৰ এই ঐতিহাসিক অনুষ্ঠানটো ঝাৰখণ্ডৰ অমৰ বীৰ শ্বহীদ,মহান বিপ্লৱী আৰু আন্দোলনকাৰীসকলৰ সংগ্ৰামৰ বাবে উৎসৰ্গিত।আজিৰ আৱেগিক মুহূৰ্তটো ঝাৰখণ্ডৰ কোটি কোটি ৰাইজৰ বাবে উৎসৰ্গিত।"