বিশিষ্ট শিক্ষাবিদ হেম বৰাৰ দেহাৱসান...

নিষ্ঠা আৰু সততাৰে শৈক্ষিক সেৱা আগবঢ়াই ১৯৯৬ চনত মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এগৰাকী সফল অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে হেম বৰাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গহপুৰঃ জীৱনৰ সুদীৰ্ঘ দিন শিক্ষকতা বৃত্তিৰ সৈতে নিয়োজিত হৈ ছাত্র-ছাত্ৰীৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলা বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ হেম বৰা আৰু নাই। বাৰ্ধক্যজনিত কাৰণত জীৱন-মৃত্যুৰে যুঁজি আজি বিয়লি প্ৰায় ৩ বজাত অঞ্চলটোৰ পূৱ বৰঙাবাৰী গাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। নিষ্ঠা আৰু সততাৰে শৈক্ষিক সেৱা আগবঢ়াই ১৯৯৬ চনত মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এগৰাকী সফল অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে হেম বৰাই। তেওঁ শিক্ষকতাৰ উপৰিও বিভিন্ন সামাজিক, ৰাজহুৱা আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত আছিল ।

এসময়ত তেওঁ কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰি খাটিখোৱা কৃষক সকলৰ প্ৰাপ্য অধিকাৰৰ হকে মাত মাতি আহিছিল।ছয়দুৱাৰ অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত থকা হেম বৰাই পূৱ বৰঙাবাৰী গাঁও উন্নয়ন সমিতিৰ একেৰাহে ৩৬ বছৰ কাল সভাপতিৰ দায়িত্বত অধিষ্ঠিত আছিল।মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল তেওঁ। তদুপৰি বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ বিদ্যালয় পৰিচালনা সমিতিৰ দ্বিতীয় গৰাকী সভাপতি আছিল হেম বৰা।

এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি হিচাপে পৰিচিত মৃদুভাষী আৰু অতিথিপৰায়ণ হেম বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে বৃহত্তৰ ছয়দুৱাৰ অঞ্চল।অগণন গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ লগতে স্থানীয় ৰাইজ তেওঁৰ বাসগৃহত উপস্থিত হৈ হেম বৰাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে।মৃত্যুৰ সময়ত তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী সেউতী বৰা,জ্যেষ্ঠ পুত্ৰ তথা স্বাস্থ্য কৰ্মী পংকজ বৰা,কনিষ্ঠ পুত্ৰ তথা গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সভাপতি পল্লৱ বৰা আৰু দুগৰাকী বোৱাৰীৰ লগতে তিনি নাতি-নাতিনীৰ উপৰিও বহু ইষ্ট-কুটুমক ইহ-সংসাৰত এৰি থৈ যায়।

WhatsApp Image 2026-01-11 at 6.55.05 PM

তেওঁৰ মৃত্যুত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা, সদৌ অসম সাংবাদিক সন্থা(আজু), বিশ্বনাথ জিলা সাংবাদিক সন্থা, গহপুৰ মহকুমা সাংবাদিক সন্থা, গহপুৰ মহকুমা প্ৰেছ গীল্ড,মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি, বিশ্বনাথ জিলা সাহিত্য সভা,বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল,সুৰভি সাহিত্য সমাজ, পঞ্চৰত্ন কবি চক্ৰ,মধ্য ছয়দুৱাৰ লেখিকা সমাৰোহ সমিতি, ছয়দুৱাৰ জ্যেষ্ঠ নাগৰিক মঞ্চ,পূৱ বৰঙাবাৰী গাঁও উন্নয়ন সমিতি, ছয়দুৱাৰ অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতি, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,টেটোনবাৰী গাঁও পঞ্চায়ত, বৰঙাবাৰী ব্যৱসায়ী সন্থা, বৰঙাবাৰী ফ্ৰেণ্ডছ ক্লাব, স্বৰ্ণদল চিত্ৰবন শাখা সাহিত্য সভা,বৰঙাবাৰী বাট থিয়েটাৰ, বৰঙাবাৰী মহিলা সমিতি, কনকলতা নাট্য কলা ভৱন পৰিচালনা সমিতি প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আজি সন্ধিয়া এক শোকাকুল পৰিৱেশত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

ছয়দুৱাৰ