Advertisment

দেওবাৰে বিয়লি বিৰল দৃশ্যঃ সমগ্ৰ দেশৰ কোৰোনা চিকিৎসালয়ত আকাশৰ্মাগৰ পৰা পুষ্পবৃষ্টি…

দেওবাৰে বিয়লি বিৰল দৃশ্যঃ সমগ্ৰ দেশৰ কোৰোনা চিকিৎসালয়ত আকাশৰ্মাগৰ পৰা পুষ্পবৃষ্টি…

author-image
asomiyapratidin
New Update
দেওবাৰে বিয়লি বিৰল দৃশ্যঃ সমগ্ৰ দেশৰ কোৰোনা চিকিৎসালয়ত আকাশৰ্মাগৰ পৰা পুষ্পবৃষ্টি…

ডিজিটেল ডেস্কঃ দেওবাৰে বিয়লি সমগ্ৰ দেশবাসীয়ে প্ৰত্যক্ষ কৰিব পুষ্প বৃষ্টিৰ এক বিৰল দৃশ্য। ইয়াৰ আগেয়ে গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱসৰ দিনা দিল্লীৰ পেৰেড গ্ৰাউণ্ডতহে আকাশ মাৰ্গৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰে পুষ্পবৃষ্টি কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল। এই পুষ্পবৃষ্টি উৎসৱ উদযাপনৰ আনন্দদায়ক মুহুৰ্তৰ বৰ্ণিল অনুষ্ঠান। কিন্তু দেওবাৰে আবেলি ডিব্ৰুগড়ৰ পৰা গুজৰাট কচ্চলৈ আৰু শ্ৰীনগৰৰ পৰা তিৰুৱন্তপুৰমলৈ সমগ্ৰ দেশৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ কেউদিশৰ আকাশমাৰ্গৰ পৰা সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত কোৰোনা ৰোগী সকলৰ চিকিৎসাধীন হৈ থকা অথবা কোৰোনাৰ লক্ষণ থকা ৰোগীক পৰ্যবেক্ষণত ৰখা চিকিৎসালয়সমূহৰ ওপৰত আকাৰ্শমাৰ্গৰ পৰা ভাৰতীয় স্থল-বায়ু আৰু নৌ সেনাবাহিনীৰ হেলিকপ্টাৰৰ জৰিয়তে পুষ্পবৃষ্টি কৰাৰ এক অভূতপূৰ্ব কাৰ্যসূচী আয়োজন কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Advertisment

কোৰোনা বিৰোধী যুঁজখনৰ যুঁজাৰু সদৃশ চিকিৎসক-চিকিৎসাকৰ্মীৰ লগতে সহযোগী আৰু সুৰক্ষাকৰ্মী সন্মান জনাবলৈ চলিছে এই ব্যাপক আৰু ব্যয়বহুল অনুষ্ঠানৰ আয়োজন। এওঁলোকৰ লগতে পুষ্পবৃষ্টিৰ জৰিয়তে লকডাউনত আৱদ্ধ হৈ মানসিকভাৱে দুৰ্বল হৈ পৰা লোকসকলৰ ওপৰি দিনে-নিশাই কৰ্তব্যৰত অত্যাৱশকীয় সেৱাৰ কৰ্মী তথা কোৰোনা যুঁজৰ যুঁজাৰুসকলক সন্মানৰ লগতে মনোবল বৃদ্ধিৰ প্ৰয়াসেৰে এনে এক বৃহৎ কাৰ্যসূচী হাতত লোৱা বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে নিজৰ জীৱনকো তুচ্ছ কৰি কোৰোনাৰ বিৰুদ্ধে যুঁজত অৱৰ্তীণ হোৱা চিকিৎসক-চিকিৎসা কৰ্মী আৰু সুৰক্ষা কৰ্মীসকলক সন্মান জনাবলৈ শংখ, ঘন্টা, হাত চাপৰি বজোৱাৰ লগতে মম আৰু বন্তি জ্বলোৱাৰ কাৰ্যসূচীও প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে ৰূপায়ন কৰা হৈছিল। শেহতীয়াকৈ দুমাহে মৰন পণ যুঁজত অৱৰ্তীণ লোকসকলৰ সন্মান অৰ্থে আৰু চিকিৎসাধীন ৰোগীৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণৰ মনোবল বৃদ্ধিৰ বাবে এনে এক কাৰ্যসূচী লোৱা বুলিও কোৱা হৈছে। কিন্তু দীঘলীয়া লকডাউন আৰু কোৰোনা বিৰোধী যুঁজত অৰ্থনৈতিকভাৱে বিধ্বস্তপ্ৰায় দেশখনৰ চৰকাৰে এনে ব্যয়বহুল মনোৰঞ্জনধৰ্মী কাৰ্যসূচীৰ পৰিৱৰ্তে কোৰোনাৰ চিকিৎসা আৰু কোৱাৰেন্টাইন হোম সমূহৰ সা-সজুঁলিৰ উন্নয়ন তথা স্পৰ্শকাতৰ এলেকাৰ জনসাধাৰণৰ প্ৰাথমিক পৰীক্ষণতহে গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন আছিল বুলিও বহুতে মত প্ৰকাশ কৰিছে।