বাছ,ৰে'ল,উৰা জাহাজ সকলো বন্ধঃ বানত অচল চেন্নাইৰ পৰিবহন ব্যৱস্থা

আৰক্ষী সঞ্চালক প্ৰধানৰ বান পৰিস্থিতি নিৰিক্ষণ

author-image
Asomiya Pratidin
New Update
বাছ,ৰে'ল,উৰা জাহাজ সকলো বন্ধঃ বানত অচল চেন্নাইৰ পৰিবহন ব্যৱস্থা

ডিজিটেল ডেস্কঃ তামিলনাডুত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱলীলা। ধাৰাষাৰ বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। বন্ধ হৈ পৰিছে বাছ,ৰে'ল,উৰা জাহাজ। ফলস্বৰূপে আজি বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চেন্নাই, তিৰুৱল্লুৰ, কাঞ্চীপুৰম, চেংগালপট্টু, ভিল্লুপুৰম, কুড্ডালোৰ আৰু ডেল্টা জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকা বাবে বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে ​​এই জিলাকেইখনত ৰেড এলাৰ্ট জাৰি কৰিছে।

Advertisment

ইফালে ঘাইপথ আৰু ৰেলৰ চিৰিত পানী জমা হোৱা বাবে ৰেল তথা বাছ সেৱা বাতিল কৰা হয়। ফলত যাত্ৰী সকলে কেব আৰু অটোৰিক্সাৰে যাতায়ত কৰিবলগীয় হয়। এই পৰিস্থিতিৰ বাবে যাত্ৰীয়ে কেব আৰু অটোত ভাড়াৰ নামত বহু টকা খৰছ কৰিবলগীয়া হৈছে। বিশেষকৈ বেচিন দলং আৰু ব্যাসৰপদী ৰেলৱে ষ্টেচনৰ মাজৰ ১১৪ নম্বৰ দলঙৰ ওপৰত পানী জমা হোৱাৰ বাবে চেন্নাই চেণ্ট্ৰেল ৰেল সেৱাত যথেষ্ট প্ৰভাৱ পৰিছে।

ইফালে মহানগৰ পৰিবহণ নিগমে বানপানীৰ বাবে বাছসমূহক উপ পথেৰে যাতায়ত কৰাতো বাধা প্ৰদান কৰিছে। অৱদি, আম্বাট্তুৰ আৰু অন্যান্য অঞ্চলৰ বাছসমূহকো গন্তব্য স্থানলৈ যোৱাত বাধা দি সমীপৰ বাছ আস্থানতে ৰখাই থবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মঙলবাৰে তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান তথা আৰক্ষী বাহিনীৰ মুৰব্বী শংকৰ জিৱালে চেন্নাই,ৰাজা আন্নমলাইপুৰম, মাৰুথাম কমপ্লেক্সৰ ৰাজ্যিক আৰক্ষী বান নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ সমগ্ৰ কাম-কাজ আৰু গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে।

ডিজিপি কাৰ্যালয়ে অতিপাত বৰষুণ হোৱা অঞ্চল, পানী জমা হোৱা অঞ্চল আৰু পানী উঠা পথ সমূহো নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। যাৰ ফলত স্বাভাৱিক যাতায়তৰ গতিবিধিত কিছু প্ৰভাৱ পৰিছে। সাজু কৰি ৰখা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ৬টা দলক সাক্ষাৎ কৰি উপযুক্ত নিৰ্দেশনা দিয়ে শংকৰ জিৱালে।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি আম্বাট্তুৰ (আমবত্তুৰ ডেইৰী গেট), আন্না নগৰ (গুডনেছ টাৱাৰ পাৰ্ক), মাধৱৰাম (আভিন ইলাম, মিল্ক কলনী), বেসন্ত নগৰ (ভান্নান্দুৰাই), আন্না নগৰ ইষ্ট (বসন্তম)ত অৱস্থিত হাইটেক পাৰ্লাৰ কলনী), শ্বোলিংগানাল্লুৰ (আভিন ডেইৰী), ভিৰুগম্বাক্কম (মেগামাৰ্টৰ ওচৰত) আৰু মাইলাপুৰ (চি পি ৰামাছামি ৰোড) ২৪ ঘণ্টাই গাখীৰৰ লগতে দুগ্ধজাত সামগ্ৰী উপলব্ধ থাকিব। উল্লেখ্য যে, যিকোনো সাহাৰ্য্যৰ বাবে ৰাইজক ০৪৪-২৩৪৬৪৫৭৬ / ২৩৪৬৪৫৭৯ বা ১৮০০৪২৫৩৩০০ নম্বৰত যোগাযোগ কৰাৰ পৰামৰ্শ দিছে।

Also Read: ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্যদা প্ৰদানৰ দাবী...

Chennai transport Chennai rain