/asomiyapratidin/media/media_files/2025/09/16/357-2025-09-16-11-45-53.jpg)
ডিজিটেল ডেস্ক : এজাক বৰষুণতে ডুবিল গুৱাহাটী মহানগৰীৰ ৰাজপথ। মঙলবাৰে পুৱাৰ ভাগত অহা মুষলধাৰ বৰষুণে উটুৱাই নিলে মহানগৰীৰ দম্ভ- অহংকাৰ।
অফিচ- কাছাৰীকে ধৰি বিভিন্ন কামৰ বাবে ওলাই অহা মহানাগৰিকৰ যাতায়ত বিপন্ন কৰি ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। ক’ৰবাত একাঠু, ক’ৰবাত একঁকাল পানী। একদৰে স্কুল- কলেজলৈ বুলি ওলাই অহা ছাত্ৰ- ছাত্ৰীসকলো নানা আহুকালত পৰা পৰিলক্ষিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/16/whatsapp-image-202-2025-09-16-13-14-52.jpeg)
ইফালে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কেইবাখনো গ্ৰীণ বাছ পানীৰ মাজত আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। দুই- এখন বাছৰ ইঞ্জিনপৰ্যন্ত বিকল হোৱা বুলি জানিব পৰা গৈছে। তাৰোপৰি আন আন যানবাহনো ৰাজপথত আৱদ্ধ হৈ আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/16/whatsapp-image-2025-0-2025-09-16-13-14-32.jpeg)
উল্লেখযোগ্য যে, গুৱাহাটী প্ৰেছ ক্লাৱ, চানমাৰি, অনুৰাধা, গণেশগুৰি, হাতীগাঁও, অনিল নগৰ, নবীন নগৰ, আমবাৰীকে ধৰি ইত্যাদি বিভিন্ন স্থানত কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসীক। যাৰ বাবে বহু যাত্ৰী আদবাটতে ৰৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে কৃত্ৰিম বানৰ এনে ৰূপ দেখি অসহায় প্ৰশাসনে জনসাধাৰণলৈ জনাইছে আহ্বান। বিনা কাৰণত ঘৰৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ অনুৰোধ জনাইছে প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us