/asomiyapratidin/media/media_files/2025/10/15/534-2025-10-15-15-35-53.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতে বাক্সাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুখনকৈ বাহন।
তাৰোপৰি ক্ষোভিত জনতাই আৰক্ষীৰ বাহনলৈ নিক্ষেপ কৰে শিলগুটি। এনে পৰিস্থিতিত একাধিক সাংবাদিকৰ লগতে আৰক্ষী বিষায়ও আঘাপপ্ৰাপ্ত হৈছে।
পৰিস্থিতিৰ এনে ৰূপ দেখি কৰ্তব্যৰত আৰক্ষীয়ে ক্ষোভিত জনতাৰ ওপৰত লাঠিচালনা কৰিব লগাত পৰে। আহত হোৱা সাংবাদিক এজনৰ নাম বনজিত কলিতা।
ইফালে পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছতে জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। পৰিস্থিতি ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে প্ৰাণ ৰক্ষা কৰিবলৈ দলঙৰ তলত সোমাবলগীয়া হৈছে কৰ্তব্যৰত আৰক্ষী।
মুঠৰ ওপৰত যেনিয়ে পাই তেনিয়ে দৌৰি প্ৰাণ বচাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে বাক্সা কাৰাগাৰৰ সন্মুখত। উত্তেজিত জনতালৈ লক্ষ্য কৰি গুলী চালনা কৰিব লগা হৈছে আৰক্ষী।