সোণাপুৰত হাৰ্টথ্ৰৱ জুবিনৰ জন্মদিন উদযাপন

তেওঁ নিশব্দে, নিৰলে শুই আছে সোণাপুৰত। দিনে নিশাই হাজাৰ হাজাৰ অনুৰাগী আহিছে তেওঁৰ কাষলৈ। কোনোৱে যদি গামোছা, ফুলৰ মালা আনিছে আন কোনোৱে আজি আকৌ হাতত লৈ আহিছে কেক । কিয়নো আজি গোল্ডীৰ জন্মদিন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 11.25.30 AM

ডিজিটেল সংবাদ, গুৱাহাটীঃ তেওঁ নিশব্দে, নিৰলে শুই আছে সোণাপুৰত। দিনে নিশাই হাজাৰ হাজাৰ অনুৰাগী আহিছে তেওঁৰ কাষলৈ। কোনোৱে যদি গামোছা, ফুলৰ মালা আনিছে আন কোনোৱে আজি আকৌ হাতত লৈ আহিছে কেক । কিয়নো আজি গোল্ডীৰ জন্মদিন। 

তাৰোপৰি গানৰ ৰজাৰ ওপজা দিনটো পূৰ্বৰ বছৰবোৰৰ দৰেই পালন কৰিবলৈ ওলাই আহিল লাখ লাখ অনুৰাগী। আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত  প্ৰতিজন অনুৰাগীয়ে পালন কৰিছে জুবিন বিহীন প্ৰথমটো ওপজা দিন।  তেওঁ নাই যদিও, তেওঁৰ গানবোৰ আছে। জুবিন গাৰ্গৰ অস্তিত্ব আছে।

উল্লেখ্য যে পুৱাৰে পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ। এবাৰ তেওঁ কৈছিল কেক কাটি বেয়া পায়। বহুত কেক কাটিব লাগে । কিন্তু এই বিশেষ দিনটো উপভোগ কৰি তেওঁ ভাল পাইছিল। 

আনফালে, সোণাপুৰৰ শেতা শেতেলীত চিৰনিদ্ৰাত থকা জুবিনক কিন্তু অনুৰাগীয়ে অকলশৰীয়া কৰা নাই। কাৰণ জীৱিত কালত জুবিন গাৰ্গে কাকো অকলশৰীয়া কৰা নাছিল। কোটিপতিৰ পৰা বাটৰ খুজি-মাগি খোৱা সকলোৰে সৈতে পানীৰ দৰে মিলি গৈছিল হাৰ্টথ্ৰৱ জুবিন। কিন্তু সেইবোৰ এতিয়া অতীত।

সোণাপুৰ