/asomiyapratidin/media/media_files/2026/02/19/new-ap-web-2026-02-19-13-17-00.jpeg)
ডিজিটেল ডেস্ক : নাগৰিকত্ব সংশোধনী আইন (২০১৯)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিনা বিচাৰে পৰি থকা ২৩৭টা গোচৰৰ বহু প্রত্যাশিত শুনানি প্রায় দুবছৰৰ পিচত আজি মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চালীৰ তিনিজনীয়া বিচাৰপীঠত অনুষ্ঠিত হ'ব। ২০২৪ চনৰ ১৯ মার্চত তদানীন্তন মুখ্য ন্যায়াধীশ ধনঞ্জয় যশবন্ত চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠত অনুষ্ঠিত হোৱাৰ পিচত আজিলৈকে এই গোচৰৰ কোনো শুনানি অনুষ্ঠিত হোৱা নাছিল।
উল্লেখযোগ্য যে অসম সম্মিলিত মহাসংঘ, সদৌ অসম ছাত্র সন্থা (আছু), উত্তৰ-পূৰ্বাঞ্চল ছাত্র সংস্থা (নেছ')কে ধৰি ভিন্ন গুচৰীয়াই নাগৰিকত্ব সংশোধনী আইন (২০১৯)ক প্রত্যাহ্বান জনাই দাখিল কৰা মুঠ ২৩৭টা গোচৰ বিচাৰাধীন হৈ থকা অৱস্থাতে কেন্দ্ৰীয় চৰকাৰে এই আইন কাৰ্যকৰী কৰি আছে। 'এয়া ভাৰতীয় ন্যায় ব্যৱস্থাৰ পয়ালগা দিশ' বুলি অভিযোগ কৰি অসম সম্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে পৃথিৱীৰ আন দেশত বিচাৰাধীন বিষয়ৰ আইন কার্যকৰী কৰা নহয়।
তেওঁ কয় যে শুনানি অনুষ্ঠিত নকৰি ছুপ্রিম ক'র্টে পৰোক্ষভাৱে চৰকাৰক দিয়া সুযোগ গ্রহণ কৰি চৰকাৰৰ গৃহ বিভাগে ২০২৫ চনৰ ১ ছেপ্টেম্বৰত অনুপ্ৰৱেশকাৰী আৰু বিদেশী (ৰেহাই) নির্দেশনা জাৰি কৰি হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ ম্যাদ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল। ইয়াৰ সুযোগতে অসম চৰকাৰে নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা ১৯ লাখ অবৈধ বিদেশীক আৰু ৯৪,৪৪৭ গৰাকী 'ডি' ভোটাৰক অর্থাৎ মুঠ ১৯,৯৪,৪৪৭ গৰাকী অবৈধ বিদেশীক নাগৰিকত্ব সংশোধনী আইন (২০১৯) ৰ জৰিয়তে নাগৰিকত্ব প্রদান কৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে বুলি উল্লেখ কৰে।
তেওঁ আৰু কয় বিভিন্ন বাতৰিত মুখ্যমন্ত্রীয়েই এই কথা ঘোষণা কৰাৰ তথ্য আছে। দেশৰ আন ৰাজ্যত 'কা'ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা বিদেশীৰ সংখ্যা তেনেই নগণ্য হোৱা বাবেই জোৰদাৰ আন্দোলন হোৱাৰ পিচত এতিয়া সকলো নীৰৱ হৈ গৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বিপৰীতে অসমৰ খিলঞ্জীয়া তথা অসমীয়া জনজীৱন বিপর্যস্ত হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/19/whatsapp-i-2026-02-19-12-50-10.jpeg)
উল্লেখযোগ্য যে একমাত্র অসম সম্মিলিত মহাসংঘই নাগৰিকত্ব সংশোধনী আইন আনিবলৈ জাৰি কৰা ২০১৪ চনৰ ৭ ছেপ্টেম্বৰৰ জাননীখনকেই অবৈধ, পক্ষপাতিত্বমূলক, সংবিধানবিৰোধী বুলি প্রত্যাহ্বান জনাই ৮ গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে তৰা ৬৮/২০১৬ নং গোচৰটো ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত থকাৰ পিচতো আজিলৈকে শুনানি অনুষ্ঠিত নহ'ল। ভাৰতীয় ন্যায় ব্যৱস্থাত চলি থকা এনে অনিয়ম ২০১৪ চনৰ পৰাহে আৰম্ভ হৈছে বুলি গুচৰীয়া মতিউৰ ৰহমানে গভীৰ ক্ষোভেৰে সংবাদ মাধ্যমক কয়।
মহাসংঘৰ ১৫১৪/২০১৯ নং গোচৰৰ সৈতে আৰু ২৩৬টা গোচৰৰ শুনানিৰ বাবে তালিকাভুক্ত হৈছে যদিও এই গোচৰটো ৩৪ নম্বৰ স্থানতহে আছে। মহাসংঘৰ হৈ ভাৰতৰ প্রখ্যাত জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱান, অধিবক্তা সমীৰণ শৰ্মা আৰু অধিবক্তা ধ্রুরজিৎ শইকীয়াই যুক্তি প্রদর্শন কৰিব। ইপিনে আজি এই আইনী যুঁজৰ প্ৰাকক্ষণত গুচৰীয়া পক্ষ হিচাপে সদৌ অসম ছাত্র সন্থা (আছু) আৰু উত্তৰ-পূব ছাত্র সংগঠনৰ (নেছ'), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জ্যেষ্ঠ নেতৃত্বই ইতিমধ্যে দেশৰ ৰাজধানী দিল্লীত বাহৰ পাতি উচ্চতম ন্যায়ালয়ত কিছু সময় আগেয়ে উপস্থিত হৈছে।
আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এক বিবৃতিযোগে জনাইছে যে আছু আৰু নেছ'ৰ অধিবক্তাৰ এটা দল এই আইনী যুঁজৰ বাবে সম্পূর্ণৰূপে প্রস্তুত আছে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছু আৰু নেছ'ৰ শীর্ষ নেতৃবর্গও উপস্থিত থাকিব।
ড° ভট্টাচাৰ্যৰ বক্তব্য- অসমৰ জাতীয় অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে কোনো পৰিস্থিতিতে 'কা' মানি নলয় আৰু অসমক এই 'কা'ৰ পৰিধিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত ৰাখিবলৈ তেওঁলোক বদ্ধপৰিকৰ। তেওঁ আৰু কয় যে উচ্চতম ন্যায়ালয়ত চলিবলগীয়া এই আইনী সংগ্ৰামৰ সমান্তৰালকৈ ৰাজপথৰ আন্দোলনো অব্যাহত থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us