অক্সিজেন-বিচনা-ঔষধ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰা সকলৰ বিৰুদ্ধে কৰিব নোৱাৰিব তদন্তঃ উচ্চতম ন্যায়ালয়…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক নিৰ্দেশ দি কয় যে, ছ'চিয়েল মিডিয়াত অক্সিজেন, বিচনা, ঔষধ আদি সন্দৰ্ভত পোষ্ট কৰা কোনো লোকৰ বিৰুদ্ধে তদন্ত নহয়। কোনো চৰকাৰে নাগৰিকৰ দ্বাৰা ছচিয়েল মিডিয়াত দিয়া তথ্যৰ বিৰুদ্ধে তদন্ত কৰিব নোৱাৰিব।

লগতে উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দি কয় যে- যদি ভুৱা বাতৰি বিয়পোৱা বুলি আখ্যা দিও তদন্ত চলাই তেন্তে ন্যায়ালয়ক অৱমাননা কৰা বুলি ধৰা হ'ব। লগতে ন্যায়ালয়ে কয়- আমি বিভিন্ন বিষয়ক লৈ তদন্ত চলাইছো। আৰু আমাৰ উদ্দেশ্য দেশৰ হিতৰ বিষয়সমূহক চিনাক্ত কৰা আৰু সংবাদ সমীক্ষা কৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in