ডিজিটেল সংবাদ,হাজোঃ বিশিষ্ট সাহিত্য সংগঠক তথা সাংবাদিক হেমন্ত কলিতালৈ অসমৰ জনপ্ৰিয় মাহেকীয়া সাংস্কৃতিক কাকত 'সংস্কৃতিৰ দাপোণ' গোষ্ঠীয়ে আগবঢ়াইছে বৰ্ষশ্ৰেষ্ঠ সাংবাদিক,২০২৪ বঁটা ৷
সফলতাৰে এবছৰীয়া হোৱা উপলক্ষে মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰয়েল ডাইনত আয়োজিত বৰ্ষপূৰ্তি উদ্যাপন অনুষ্ঠানত বিগত বছৰটোত সংবাদসেৱাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা হেতু ৰঙিয়াৰ হেমন্ত কলিতালৈ দাপোণ গোষ্ঠীৰ হৈ এই বঁটা প্ৰদান কৰে কাকতখনৰ মুখ্য সম্পাদক সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সম্পাদক মনোৰঞ্জন কলিতাই ৷
বঁটাত আছিল থলুৱা গামোচা, চেলেং, মানপত্ৰ, স্মাৰক আৰু গ্ৰন্থৰ টোপোলা ৷ প্ৰতিষ্ঠাৰ দিনটোত কাকতখনৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত 'সংস্কৃতিৰ দাপোণ' পৰিয়ালৰ লগতে শুভাকাংক্ষীসকল একলগ হৈ মনৰ ভাৱৰ আদান-প্রদানৰ এক অভিনৱ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ হৃদয়ৰ আত্মিক বিনিময়েৰে অন্তৰংগভাৱে উক্ত দিনটো উদ্যাপনৰ সময়ত কাকতখনৰ লগত জড়িত অসমৰ ইমুৰ সিমুৰৰ পৰা সংবাদসেৱীসকল লগ হয় ৷
সম্পাদক মনোৰঞ্জন কলিতাই আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনায় মুখ্য সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থই।।