ধুবুৰীত সফলভাবে সম্পন্ন বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰ

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ৰাজ্যজুৰি চলি থকা বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰ ধুবুৰীত সফল ভাবে সম্পন্ন হয়।

author-image
Asomiya Pratidin
New Update
jjytytute

ডিজিটেল সংবাদ, ধুবুৰীঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ৰাজ্যজুৰি চলি থকা বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰ ধুবুৰীত সফল ভাবে সম্পন্ন হয়। ধুবুৰী জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ৮ নং ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত অনুষ্ঠিত হোৱা স্বাস্থ্য পৰীক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে।

বিশিষ্ট সমাজকৰ্মী, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা: দেৱময় সান্নাল, জিলা বিজেপি সভাপতি, জিলা অগপৰ সভাপতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ বিষয়া তথা বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰৰ সমন্বয়ক ডা: ৰমেশ ভট্ট, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কলিতা সহ জিলা স্বাস্থ্য সমিতিৰ সমুহ বিষয়ববীয়া, ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্য সংস্থাৰ বিষয়বৱীয়াৰ উপস্থিতি শুভাৰম্ভণি কৰি আয়ুক্ত দিবাকৰ নাথে স্বাস্থ্য পৰীক্ষণ শিবিৰৰ প্ৰতিটো চিকিৎসক কক্ষ সহ ব্যৱস্থাপনা কৰা সচেতনতা বৃদ্ধি কৰিবলৈ কক্ষ, বিশেষ ভাৱে সক্ষম লোকৰ বাবে প্ৰদান কৰা সক্ষমতা ৰ প্ৰমাণপত্ৰ তদাৰক বিশেষ ভাৱে কৰে। এই শিৱিৰত উপস্থিত হৈ ডা০ দেৱময় সান্নালে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাক বিশেষ ভাৱে ধন্যবাদ জনায়।

উল্লেখ্য যে, ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰত মুঠ ৪৭৮১ জন ৰোগীয়ে পঞ্জীয়ন কৰি স্বাস্থ্য পৰীক্ষণ কৰি নিদান পত্ৰ অনুসৰি বিনামূলীয়া পৰীক্ষণ, ঔষধ গ্ৰহণ কৰে। যাৰ ভিতৰত ১৮ বছৰৰ উৰ্দ্ধত ২৪২০ জন আৰু ১৮ বছৰৰ তলৰ ২৩৬১ জন।তাৰে ৩৫০ শিশু, কিশোৰ -কিশোৰী ক উন্নত চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকে চিনাক্ত কৰণ কৰে। ৪৫২ জন ব্যক্তিক বিশেষ ভাৱে সক্ষমতা ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ১২৬ জনে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড পঞ্জীয়ন কৰা হয়, "স্বাস্থ্য বান সমাজ স্বাস্থ্য বান অসম"ত ২৩৯ জনে পঞ্জীয়ন কৰা হয়, ৫২৩ জনক পৰীক্ষাগাৰত পৰীক্ষণ  য'ত ৫৭ জনক ই চি জি কৰোৱা হয়।

আনহাতে, ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰত, মুঠ ১৭ জন বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকে সেৱা প্ৰদান কৰাৰ উপৰিও ১৪ জন সাধাৰণ চিকিৎসকে চিকিৎসা প্ৰদান কৰে। জিলা স্বাস্থ্য সমিতিৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে সংবাদ মাধ্যমক জনোৱা অনুসৰি অহা ১৬ অক্টোবৰত বিলাসী পাৰা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰ বিলাসী পাৰা প্ৰতিমা পাণ্ডে বৰুৱা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হ'ব।

ধুবুৰী