/asomiyapratidin/media/media_files/2025/11/30/357-2025-11-30-20-52-35.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : লায়ন্স ক্লাৱ অৱ নগাঁও চিটি(Lions Club Of Nagaon City) উদ্যোগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত দেওবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাগৃহত এখনি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। পুৱা লায়ন্স ক্লাৱ অৱ নগাঁও চিটিৰ সভানেত্ৰী ডাঃ ভাস্বতী শৰ্মাই স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ শুভাৰম্ভ কৰে।
তেওঁ "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান খনি আমাৰ নগাঁও জিলাৰে নহয়, ৰাজ্য তথা দেশৰে এখনি পবিত্ৰ তীৰ্থস্থান। এই থান খনিৰ নামপ্ৰসংগৰ লগত জড়িত ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ স্বাস্থ্যৰ যত্ন, স্বাস্থ্য পৰীক্ষা কৰি, উপযুক্ত চিকিৎসা প্ৰদান আৰু পৰামৰ্শ প্ৰদান কৰাটো আমাৰ বাবে সৌভাগ্য আৰু ই এক গুৰু দ্বায়িত্ব বুলি ভাবোঁ" বুলি প্ৰকাশ কৰে।
স্বাস্থ্য পৰীক্ষা শিবিৰটোত বিশেষজ্ঞ চিকিৎসক ডা০ পি কে গৌতম, ডা০ সুমন পাল, ডা০ ৰিয়া আগৰৱালাকে আদি কৰি কেইবাগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সহ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা, চকু পৰীক্ষা, দাঁতৰ পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে। স্বাস্থ্য পৰীক্ষা শিবিৰটোত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি গোবিন দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, সহকাৰী সম্পাদক সন্দীপ কলিতাকে প্ৰমুখ্য কৰি সদস্যবৃন্দ, লায়ন্স ক্লাৱ অৱ নগাঁও চিটিৰ প্ৰকল্পৰ সচিব ত্ৰিদিব ভূঞা, দীপক অজিত শ্বৰিয়া, প্ৰাংগন আগৰৱালা, সুনিত আগৰৱালা, নিশা আগৰৱালা সহ শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us