/asomiyapratidin/media/media_files/2025/10/17/web-keshab-2025-10-17-21-39-22.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : অসম চৰকাৰৰ "শুশ্ৰুষা সেতু" আঁচনিৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিভিত্তিক এক মেগা স্বাস্থ্য শিবিৰ শুক্ৰবাৰে কুঁৱৰীটোলত অনুষ্ঠিত হয় । কুঁৱৰীটোল গান্ধী খেলপথাৰত অনুষ্ঠিত হোৱা এই মেগা স্বাস্থ্য শিবিৰটোত শিশু মহিলাসহ অগনন লোকে ভিৰ কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে¸ ১৮ বছৰৰ অনুৰ্দ্ধৰ কিশোৰ কিশোৰী তথা ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্য পৰীক্ষাৰ যোগেদি চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়া চিকিৎস্যা সেৱা প্ৰদানৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে শিবিৰটো । স্বাস্থ্যমেলাৰ আৰম্ভণিতে আনুষ্ঠানিক শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/17/whatsapp-im-2025-10-17-21-40-05.jpeg)
স্বাস্থ্য পৰীক্ষা শিবিৰটোত গুৱাহাটী আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কেবাগৰাকী বিশেষজ্ঞ চিকিৎস্যকে অংশগ্ৰহণ কৰে । অনুষ্ঠানত কলিয়াবৰৰ ২২ টা গাঁও পঞ্চায়তৰ কেবাশতাধিক কন কন কিশোৰ কিশোৰী তথা বিভিন্ন বিদ্যলয়ৰ অহা ছাত্ৰ ছাত্ৰীসকলক বিনামুলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/17/whatsapp-image-2025-10-17-21-40-26.jpeg)
এই শিবিৰত প্ৰতিগৰাকী শিশুক জন্মগত হৃদৰোগ, স্নায়ুজনিত সমস্যা, চকু, কান, যৎকৃত, বৃক্ক ৰোগৰ লগতে অভাৱজনিত কাৰণত হোৱা ৰোগৰ চিনাক্তকৰণ আদি নিৰ্ধাৰিত ৰোগসমূহৰ উপস্থিত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে পৰৱৰ্তী পৰ্য্যায়ত প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসাসেৱা প্ৰদানৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলিও মন্ত্রী কেশৱ মহন্তই ভাষণত উল্লেখ কৰে । আজিৰ এই অনুষ্ঠানত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, খণ্ড উন্নয়ন বিষয়াসকল ,পঞ্চায়ত প্ৰতিনিধিসকল ,স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ লগতে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us