/asomiyapratidin/media/media_files/2025/11/16/the-new-song-2025-11-16-15-05-37.jpeg)
ডিজিটেল ডেস্কঃ অসমবাসীৰ অতিকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি এক নতুন আৰু অভিনৱ ৰূপে আমঠু নামৰ এটি নতুন গীতৰ ভিডিঅ’ ইউটিউবত স্মাৰক শ্ৰদ্ধাঞ্জলি হিচাবে সম্প্ৰতি মুক্তি লাভ কৰিছে । মুম্বাইত থকা অসমৰ প্ৰতিষ্ঠিত গিটাৰবাদক অতনু গৌতমৰ সুৰ, সংগীত প্ৰযোজনা আৰু কণ্ঠৰ এই আমঠু শীৰ্ষক গীতৰ কথা জুবিন গাৰ্গৰ কলেজীয়া দিনৰ বন্ধু যোৰহাটৰ ৰিতুন বৰদলৈৰ ।
উল্লেখযোগ্য যে আমঠুৰ ভিডিঅ’গ্ৰাফী সম্পূৰ্ণভাৱে নতুন আৰু আহিব লগা ডিজিটেল মাধ্যম ভাৰ্চুৱেল ৰিয়েলিটি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । ভিডিঅ’টোৰ সমগ্ৰ দৃশ্যপট ভাৰ্চুৱেল ৰিয়েলিটি ভিত্তিক এক প্ৰডাকশন প্ৰক্ৰিয়াৰ জৰিয়তে ত্ৰিমাত্ৰিক ডিজিটেল উপায়েৰে গঢ়ি তোলা হৈছে ।
আনফালে এক ধাৰাবাহিকতাৰে কোনো দৃশ্য সম্পাদনা নকৰাকৈ এই গীতৰ ভিডিঅ’গ্ৰাফী নিৰ্মান কৰা হৈছে , য'ত দৰ্শকে অন্তহীন এখন ডিজিটেল আকাশৰ মাজেৰে স্বপ্ন, গতি আৰু জুবিন গাৰ্গৰ আত্মিক উপস্থিতিৰ অনুভৱ কৰিব । এনে একক দৃশ্য ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য আছিল মুল ভাৱৰ স্বাভাৱিকতাৰ সংৰক্ষণ কৰা ।
প্ৰাণিধানযেোগ্য যে আমঠুৰ ভিডিঅ’গ্ৰাফীত সংৰচনা কৰা দৃশ্যপট জুবিন গাৰ্গৰ ব্যক্তি স্বত্তাৰ সৈতে জড়িত কৰাৰ প্ৰয়াস কৰিছে । আমঠুৰ ভিডিঅ’ৰ সামগ্ৰিক পৰিকল্পনা জুবিন গাৰ্গৰ তিনিজন দীর্ঘদিনৰ সহপাঠী আৰু বন্ধু অতনু (দাদু), ৰিতুন আৰু অনুপমৰ । যাৰ বাবে আমঠুৰ ভিডিঅ’গ্ৰাফী অধিক অনুভৱী আৰু হৃদয়স্পৰ্শী হৈ উঠিছে ।
ইউটিউবত মুক্তি লাভৰ পাছত দৰ্শকে জুবিন গাৰ্গক লৈ নিৰ্মান কৰা আমঠুক আকোৱালি লোৱাও পৰিলক্ষিত হৈছে। বিশেষকৈ আমঠুৰ ভিডিঅ’গ্ৰাফীৰ ভাৱ, বিষয় বস্তুৰ গভীৰতা আৰু ভিজুৱেল উপস্থাপনক প্রশংসাও কৰিছে । আমঠুৰ ভিডিঅ’গ্ৰাফীৰ অভিধাৰণা আৰু নিৰ্দেশনা আগবঢ়াইছে জুবিন গাৰ্গৰ আন এগৰাকী কলেজীয়া বন্ধু অনুপম শইকীয়াই ।
তাৰোপৰি, অনুপম শইকীয়া এ আৰ , ভি আৰ আৰু এক্স আৰ প্ৰযুক্তিৰ সৃজনীশীল কামত জড়িত এগৰাকী অভিযন্তা উদ্যোগী আৰু মুম্বাইস্থিত মেটাভিয়ান টেকন’লজী প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া।অনুপম শইকীয়াৰ মতে সদ্যমুক্তি প্ৰাপ্ত আমঠুৰ ভিডিঅ’গ্ৰাফী হৈছে ভাৰ্চুয়েল ৰিয়েলিটি এক অভিলাষী প্ৰকল্পৰ প্ৰাথমিক পৰীক্ষামূলক অভিযোজনাহে। ইয়াক অচিৰেই ২০২৬ ৰ এক আন্তৰ্জাতিক XR মঞ্চত প্ৰদৰ্শিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হব । উল্লেখ্য যে য’ত মেটাৰ এম্বিচ’নিক প্ৰযুক্তিৰ সহায়ত শব্দ সজ্জাৰ এক নতুন দিশ উন্মোচন কৰাৰ চেষ্টাৰে এক বিশেষ প্ৰস্তুতি চলোৱা হৈছে ।
আনপিনে, আমঠুৰ ভিডিঅ’গ্ৰাফীত ব্যৱহৃত ভাৰ্চুয়েল ৰিয়েলিটিৰ সম্পৰ্কত বাখ্যা দাঙি ধৰি অনুপম শইকীয়াই কয় “জুবিন গাৰ্গ নিশাকলৈ সদায়ে বৰ আকৃষ্ট আছিল । দিনৰ কোলাহলৰ পৰা এৰাই, নীৰবতাৰ মাজত স্বপ্নদীপ্ত মন এটা লৈ মুক্তভাৱে বিচৰণ কৰি জুবিনে ভাল পাইছিল । নিশাৰ নিৰৱতাত চন্দ্ৰৰ জ্যোৎস্নাই যেন তেওঁক পথ দেখুৱাইছিল । এনে অনুভৱ এটাকেই আমি আমঠু নামৰ গীতটোৰ ভিডিঅ’গ্ৰাফীৰ মূল বিষয় হিচাপে লৈ ভাৰ্চুয়েল ৰিয়েলিটিৰে সঁজাই তোলাৰ প্ৰয়াস কৰিছো । এই ভাৰ্চুৱেল জগতত, এটা ভাৰ্চুৱেল কেমেৰাৰ প্ৰয়োগৰে অসীম আকাশৰ দৃশ্যপট নিৰ্মান কৰা হৈছে । য’ত জুবিনে যেন আমাক আগলৈ যোৱাৰ পথ দেখুৱাইছে । কোনো দৃশ্যৰ সম্পাদনা নকৰাকৈ এটা একক দৃশ্যৰে সম্পুৰ্ণ ভিডিঅ’টো নিৰ্মান কৰা হৈছে ।” এই অপূৰ্ব ভিডিঅ’গ্ৰাফীৰ বাবে অনুপমে মুম্বাইৰ মেটাভিয়ান প্ৰাইভেট লিমিটেডৰ লগতে টিম মেটাভিয়ানলৈ ধন্যবাদ জনাই অতি কম সময়ত কামটো সফলভাৱে সম্পন্ন কৰি তোলাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০১৯ চনত নিৰ্মিত এখন অতি জনপ্ৰিয় ইংৰাজী চলচ্চিত্ৰ দ্যা লায়ন কিং (The Lion King - 2019) ভাৰ্চুয়েল ৰিয়েলিটিৰ প্ৰডাকচন প্ৰক্ৰিয়াৰ প্ৰয়োগ দেখিবলৈ পোৱা চলচ্চিত্ৰ সমূহৰ ভিতৰত অন্যতম । ছবিখনৰ সকলো দৃশ্য ডিজিটেল ত্ৰিমাত্ৰিক চি জি আই (3D CGI) ৰ সহায়ত নিৰ্মান কৰা হৈছিল আৰু চিনেমাটোগ্ৰাফাৰে ভাৰ্চুয়েল ৰিয়েলিটিৰ প্ৰযুক্তিৰ সহায়ত সেই ভাৰ্চুৱেল পৰিবেশত সোমাই কেমেৰা পৰিচালনা কৰি দৃশ্য গ্ৰহন আৰু দৃশ্যপট নিৰ্মান কৰিছিল, যেন বাস্তৱৰ দৃশ্যপটতহে কাম কৰিছিল । ভাৰ্চুয়েল ৰিয়েলিটিৰে গ্ৰহন কৰা দৃশ্যসমুহ পৰৱৰ্তী সময়ত ডিজিটেলভাৱে সম্পাদনা কৰি সংমিশ্ৰণ কৰা হৈছিল । যদিও ছবিখনক ভাৰ্চুয়েল ৰিয়েলিটিৰ সঁজুলি বা ভি আৰ হেডচেটত চাবৰ বাবে প্রস্তুত কৰা হোৱা নাছিল তথাপিও সম্পূৰ্ণ প্ৰডাকশন প্ৰক্ৰিয়াইটো ভাৰ্চুৱেল দৃশ্যপটত দৃশ্যগ্ৰহন হোৱাৰ বাবে সেই সময়ৰ চলচিত্ৰ জগতত “দ্যা লায়ন কিং” এক দৃষ্টান্তমূলক ছবি হিচাবে পৰিগনিত হৈছিল । দ্যা লায়ন কিংৰ জড়িয়তে বিশ্বৰ চলচিত্ৰত চি.জি.আই. তথা ভি.এফ.এক্স. প্ৰয়োগৰ এক নতুন দিশৰ সম্ভাৱনাক আগবঢ়োৱা হ’ল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us