হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচন পাতিবলৈ ভয় খাইছেঃ কিয় এনেকৈ ক'লে অখিল গগৈয়ে...

হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচন পাতিবলৈ ভয় খাইছেঃ কিয় এনেকৈ ক'লে অখিল গগৈয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ উপনিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনিশ্চয়তাৰ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিক্ৰিয়া ৷ নগাঁও, ধুবুৰীত আৰু যোৰহাটৰ বিফলতাৰ বাবে হিমন্তবিশ্ব শৰ্মাই উপনিৰ্বাচন পাতিবলৈ ভয় খাইছে ৷

কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে অসমৰ মানুহ সজাগ হৈছে ৷আনহাতে পুৰণা কোনো বিজেপিৰ মানুহে হিমন্তবিশ্ব শৰ্মাক বিশ্বাস নকৰে ৷অখিল গগৈ দাবী খালি হোৱা চাৰিখন আসনৰ বাবে অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ৷ লগতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বিধায়ক সকলৰ বিধায়ক পদ খাৰিজ কৰি মুঠ ৯খন আসনত নিৰ্বাচন পতাৰ পোষকতা অখিল গগৈ ৷

অখিলৰ অভিযোগ যে বিধান সভাৰ অধ্যক্ষই চৰকাৰৰ কথা মতে যথোপযুক্ত ব্যৱস্থা গ্ৰহন কৰাৰ পৰা বিৰত আছে ৷যিহেতু ছমাহৰ আগেয়ে বিধায়ক পদ খালি হ’লে উপনিৰ্বাচন অনুষ্ঠিত কৰাত সৰ্বোচ্চ নিৰ্দেশনা আছে গতিকে এইক্ষেত্ৰত নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহনৰ দাবী অখিল গগৈৰ ৷

হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচন পাতিবলৈ ভয় খাইছেঃ কিয় এনেকৈ ক'লে অখিল গগৈয়ে...
সুনীল গগৈ নিখোজ হোৱাৰ বাবেই জামিন পালে দুৰ্নীতিগ্ৰস্ত বিষয়া জয়ন্ত গোস্বামীয়ে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in