/asomiyapratidin/media/media_files/2026/03/02/ujjjdd-2026-03-02-14-02-34.jpg)
ডিজিটেল ডেস্কঃ জন আৰ্শীবাদ যাত্ৰাত দাতা কৰ্ণ ৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। এই যাত্ৰাৰ তৃতীয় দিন গহপুৰত সেই দৃশ্য প্ৰত্যক্ষ কৰিলে হাজাৰ হাজাৰ লোকে। মুকলি গাড়ীত থিয় গৈ অভিবাদন গ্ৰহণ কৰি আগবাঢ়ি যোৱা হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই আব্দাৰ বাঢ়ি গৈছিল ভাগিনসকলৰো।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/643911031_1499818938174468_5871934271840771316_n-2026-03-02-14-10-43.jpg)
দৃষ্টি পৰিছিল তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে পিন্ধি থকা ঘড়ীটোত। মুখ্যমন্ত্ৰীক এজন কেইবাজনো ভাগিনে বিচাৰিছিল তেওঁৰ হাতৰ ঘড়ীটো। কোনো চিন্তা নকৰাকৈয়ে ঘড়ীটো খুলি ল'লে হাতত। তাত উপস্থিত থকা ভাগিনসকলৰ হাতবোৰ ঘড়ীটোত উদ্দেশ্যি আগবাঢ়িল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/380c3156-14e1-461e-bdb9-9baa803dc1a6-2026-03-02-14-11-07.jpg)
মুখ্যমন্ত্ৰীয়ে পিছফালে থকা এজন ভাগিনৰ হাতত তুলি দিলে নিজৰ ঘড়ীটো। মুখ্যমন্ত্ৰীৰ ঘড়ী লাভ কৰি আনন্দত আত্মহাৰা হোৱা ক'লা চ্যুট-পেন্ট পৰিধান কৰা ভাগিনে তাৰ পিছত দৌৰি আতৰি গ'ল সেই ঠাইৰ পৰা। মুখ্যমন্ত্ৰীৰ এই ঘড়ীটোৰ মূল্য জানিব পৰা মতে, প্ৰায় ২০হাজাৰ টকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/a9a5fc54-5b0e-4572-a779-977fb909b2aa-2026-03-02-14-11-21.jpg)
Patek Philippe কোম্পানীৰ ঘড়ীটো প্ৰায়ে মুখ্যমন্ত্ৰীৰ হাতত দেখা পোৱা যায়। নিজৰ হাতৰ ঘড়ী খুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে ভাগিনৰ প্ৰতি মৰম কিমান তেওঁৰ। উল্লেখ্য যে, আজিৰ জন আৰ্শীবাদ যাত্ৰা গহপুৰৰ পৰা আৰম্ভ হৈ অন্ত পৰিব নাওবৈচা সমষ্টিত। আজিৰ এই যাত্ৰাই সামৰি ল'ব গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰূ নাওবৈচা সমষ্টিক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/2de5e027-0ba6-4e91-b553-06a889c733ce-2026-03-02-14-12-07.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us