/asomiyapratidin/media/media_files/2026/02/19/new-ap-2026-02-19-12-26-19.jpeg)
ডিজিটেল ডেস্কঃ বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনত অসম চৰকাৰৰ ধন্যবাদসূচক ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে বিগত দিনসমূহত কৰি অহা কামৰ কিছু খতিয়ান দাঙি ধৰি পুৰণি দিনলৈ উভতি গ'ল মুখ্যমন্ত্ৰীগৰাকী।
জীৱনৰ প্ৰথমটো নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ কথা ৰোমন্থন কৰি হিমন্ত বিশ্ব শৰ্মাই যুৱ বিধায়কসকলক আহ্বান জনায় যে, আমাক ভোট নিদিয়া মানুহবোৰ আমাৰ শত্ৰু নহয়। ভোট নিদিয়া সকলকো আমি সমানেই সেৱা কৰিব লাগে। মই ১৯৮৬চনত মই যেতিয়া প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো, সেই নিৰ্বাচনত মই ১৭হাজাৰ ভোটত পৰাজয় হৈছিলো।
তেওঁ লগতে কয়, মই প্ৰথমটো নিৰ্বাচনত হাৰিছিলো যদিও আমাৰ সমষ্টিৰ প্ৰতি যি দায়ৱদ্ধতা সেয়া নিৰ্বাচনৰ জিকা আৰু হৰাই কোনো ইমপেক্ট পেলাব নালাগে। আমি ৰাজনীতি কৰিছো যেতিয়া কেতিয়াবা হাৰিম, কেতিয়াবা জিকিম। কিন্তু ৰাইজৰ প্ৰতি আমাৰ সেৱা নিৰন্তৰভাৱে অব্যাহত থাকিব লাগে।
তেওঁ কয়- যোৱা কালি ৰাতি মই পুৰণি দিনলৈ ঘূৰি গৈ ভাৱিছিলো যে জীৱনৰ প্ৰথমটো নিৰ্বাচনত এবাৰ হৰাৰ পিছত মই কিধৰণে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিলো। মই চাইছিলো যে, ২০০১চনত মই সেই সমষ্টিত ১০হাজাৰ ভোটত জিকিছিলো, দ্বিতীয়বাৰ ২০০৬চনত মই ৪২,৪৬৮টা ভোটত জিকিছিলো, ২০১১চনত আকৌ ৭৭,৪০৩টা ভোটত জিকিছিলো। যেতিয়া মই ২০১৬চনত পঞ্চমবাৰৰ বাবে সেই একেটা সমষ্টিত নিৰ্বাচনত উঠিছিলো তেতিয়া মই ৮৫, ৯৩৫টা জিকিছিলো আৰু ২০২১ত মই ১,০০০০১টা ভোটত মই জয়ী হৈছিলো।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গতিকে যুৱ বিধায়কসকলে এই কথা চিন্তা কৰা উচিত যে আমাক ভোট নিদিয়া মানুহক আমি কেনেকৈ আকৃষ্ট কৰিব পাৰো, কেনেকৈ সেৱা কৰিব পাৰো তাৰ বাবে কাম কৰিব লাগে। তেতিয়া মানুহে কেতিয়াও এগৰাকী নেতাক বেয়া নাপায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us