চিলিণ্ডাৰত ২৫০টকা ৰেহাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা...

ৰাইজৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ এটা পৰিয়ালে লাভ কৰিব ২৫০টকাৰ ৰেহাই। অৱশ্যে এই ৰেহাই লাভ কৰিব অৰুণোদয়

author-image
Asomiya Pratidin
New Update
hdbbd

ডিজিটেল ডেস্কঃ ৰাইজৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ এটা পৰিয়ালে লাভ কৰিব ২৫০টকাৰ ৰেহাই। অৱশ্যে এই ৰেহাই লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলেহে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কৰিছে এই ঘোষণা।

মুখ্যমন্ত্ৰীয়ে ফেচবুকত এই ঘোষণা কৰি লিখিছে-   আমাৰ সমাজৰ কোনো এখন ঘৰতেই অন্নমুঠি গ্ৰহণৰ ক্ষেত্ৰত সামান্যও অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ চাউলৰ পাছতে ইতিমধ্যে দাইল-চেনি-নিমখ বিতৰণৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু এইবাৰ ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ বৃহৎ সকাহ দি আমি প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি মোৰ আশা।

588573532_1425412035615159_7551199540151774418_n

হিমন্ত বিশ্ব শৰ্মা