ফেঞ্চিং উদ্যোগৰ উত্তৰ-পূবৰ বজাৰত দুই অসমীয়াৰ আধিপত্য...

কোনে কয় যে অসমীয়াই ব্যৱসায় কৰিব নাজানে? আজিৰ অসমীয়াই সকলো ক্ষেত্ৰতে অপ্ৰতিৰোধ্য হৈ আগবাঢ়িব পাৰে। এই যাত্ৰা তেতিয়া অধিক শক্তিশালী আৰু সুদৃঢ় হয়, যেতিয়া কোনো আপোনজনৰ সৈতে

author-image
Asomiya Pratidin
New Update
new ap web 4 (16)

ডিজিটেল সংবাদ, হাজোঃ কোনে কয় যে অসমীয়াই ব্যৱসায় কৰিব নাজানে? আজিৰ অসমীয়াই সকলো ক্ষেত্ৰতে অপ্ৰতিৰোধ্য হৈ আগবাঢ়িব পাৰে। এই যাত্ৰা তেতিয়া অধিক শক্তিশালী আৰু সুদৃঢ় হয়, যেতিয়া কোনো আপোনজনৰ সৈতে একেলগে হাতে হাত ধৰি আগবাঢ়ে।

bc106392-aa31-4cc9-afe1-f67af85c8776

কামৰূপৰ বৰবাৰী সত্ৰৰ দুই ভাতৃ দিগন্ত আৰু অলকেশ আজি দহ জনৰ বাবে আদৰ্শৰ প্ৰতীক হৈছে। প্ৰথমে হাতেৰে আৰম্ভ কৰিছিল ফেঞ্চিং উদ্যোগৰ কাম । সৰু কোঠা এটা দুই ভাতৃ দিগন্ত গোস্বামী আৰু অলকেশ গোস্বামীয়ে ফেঞ্চিং বেৰৰ উদ্যোগ আৰম্ভ কৰি আজি  দখল কৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ।

f7b14f46-0ead-46f8-9b5a-1071ed09eed5

এপদ এপদ কৰি দুই ভাতৃয়ে বেংকৰ পৰা লোৱা ঋণ লৈ আজিৰ তাৰিখত চাৰিটা কৈ উন্নত মানৰ ফেঞ্চিং উদ্যোগ স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ সমান্তালভাৱে অৰ্ধ শতাধিক অসমীয়া যুৱকক সংস্থাপন দিছে । গৰাখহনীয়া, ভূমিস্খলন, পথ নিৰ্মাণ,  ফাৰ্ম আদিত আজিৰ তাৰিখত বাৰুকৈয়ে  চাহিদা বৃদ্ধি পোৱা এই ফেঞ্চিং বেৰৰ উৎপাদন  দিনক দিনে বৃদ্ধি পাইছে। 

292eb0f8-60d7-4fbc-9928-f06d0c1bccbc

প্ৰবাল ষ্টীল নামেৰে  নামকৰণ কৰি এই দুই অসমীয়া উদ্যোগীয়ে আজিৰ তাৰিখত তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে দুই ভাতৃয়ে আৰম্ভ কৰা এই যাত্ৰা অব্যাহত থাকক, সেই কামনাই কৰিছে সকলোৱে। 

e91d439b-018c-4ebc-bd0e-02b2aa104cbe

নতুন বছৰ নতুন বছৰৰ শুভেচ্ছা