হাওৰাঘাটত বিজেপিৰ যুৱ সন্মিলন সভা

কাৰ্বি আংলং জিলাৰ ১০৯ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেনগাঁৱত বিজেপি যুৱ মৰ্চা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে যুৱ সন্মিলন সভা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
rtdertetrt

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ১০৯ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেনগাঁৱত বিজেপি যুৱ মৰ্চা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে যুৱ সন্মিলন সভা অনুষ্ঠিত কৰা হয়। নতুনকৈ উঠি অহা যুৱ প্ৰজন্মক কেনেদৰে নিজৰ দায়িত্ব গ্ৰহণ কৰি ৰাইজৰ ওচৰলৈ যাব পাৰি, সমাজখনক আগুৱাই নিব পাৰি আৰু আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ কাষত থিয় দিব পাৰি সেই বিষয়ে যুৱ সন্মিলনখন অনুষ্ঠিত কৰা হৈছে বুলি ৰাজহুৱা সভাত মন্তব্য কৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে। 

WhatsApp Image 2026-03-07 at 11.14.19 AM (1)

উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড°  তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু তিছ',  হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ উপৰি পৰিষদৰ কাৰ্যবাহী সদস্য সকল।

 উল্লেখ্য যে, উক্ত সভাতেই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰ্বি পৰিষদৰ তৰফৰ পৰা প্ৰায় ২০ হাজাৰ নিবনুৱা যুৱক যুৱতী এবছৰ এমাহৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰাৰ অন্তত তেওঁলোকক বিভিন্ন ধৰণৰ সংস্থাপন দিয়া ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে। প্ৰথম পৰ্যায়ত প্ৰায় ৭২০০ জনক এই প্ৰশিক্ষণ দিয়াৰ লগতে অহা-যোৱাৰ যাতায়তৰ খৰচ আৰু প্ৰশিক্ষণৰ অন্তত দহ হাজাৰ টকা দিয়াৰ কথাও ঘোষণা কৰে ।

হাওৰাঘাট