/asomiyapratidin/media/media_files/2026/02/21/1-2026-02-21-22-30-45.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ ৰূপায়নত সমগ্ৰ শিক্ষা অসমৰ সহযোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ড আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ কাৰ্বি আংলং জিলাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ত হাওৰাঘাট শিক্ষা খণ্ডৰ অধীনৰ প্ৰায় ১৮খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান অনুসন্ধান আৰু শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-02-21-22-31-05.jpeg)
বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ২০২৫-২৬ বৰ্ষৰ বাবে উক্ত প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।পুৱা ১০ বজাত বিজ্ঞান অনুসন্ধান আৰু শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে হাওৰাঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যাৰাম ছিংনাৰে । এই উদেশ্যৰে অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলাৰ জিলা সমন্বয়ক ভৱানন্দ খাখলাৰী,বিশিষ্ট শিক্ষাবিদ আৰু সমাজ সেৱক কৃষ্ণ ৰাজবংশী আৰু হাওৰাঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।
হাওৰাঘাট শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়সমূহৰ পৰা শিশু বিজ্ঞানী হিচাপে কণিষ্ঠ শাখাত ৩০টা আৰু জ্যেষ্ঠ শাখাত ৮টা প্ৰকল্প উপস্থাপন কৰা হয় । উল্লেখযোগ্য যে- আজিৰ প্ৰতিযোগিতাত ১৮ খন বিদ্যালয়ৰ প্ৰায় ৭৫ গৰাকী শিক্ষাৰ্থীয়ে প্ৰতিযোগী হিচাপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত প্ৰতিযোগীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে ১০টা প্ৰকল্প জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-02-21-22-31-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us